ETV Bharat / state

Inspiration for other women: স্বাৱলম্বীতাৰ এক অনন্য নিদৰ্শন যোৰহাটৰ অঞ্জু বৰা

এগৰাকী সাধাৰণ মহিলাৰ অসাধাৰণ কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ সমগ্ৰ অঞ্চলটোৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে মহিলা গৰাকী (Inspiration for other women) ৷ জানো আহক যোৰহাটৰ অঞ্জু বৰাৰ কাহিনী-

author img

By

Published : Mar 10, 2023, 11:32 AM IST

woman from Jorhat Assam becomes inspiration
এগৰাকী সাধাৰণ মহিলাৰ অসাধাৰণ কৰ্ম
এগৰাকী সাধাৰণ মহিলাৰ অসাধাৰণ কৰ্ম

যোৰহাট, 10 মাৰ্চ: যোৰহাটৰ এগৰাকী মহিলাই বিশেষ চৰ্চা লাভ কৰিছে ৷ অনন্য ধৰণে স্বাৱলম্বীতাৰ মাজেৰে তেওঁ নিজক প্ৰতিষ্ঠা কৰিছে ৷ সহজেই ঘৰতে উপলব্ধ সকলো বস্তু সংৰক্ষণৰ মাজেৰে তেওঁ এতিয়া সকলোৰে মাজত চৰ্চিত হৈ পৰিছে ৷

নূন্যতম ধনৰাশিৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান লাখৰ ঘৰত ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ এইগৰাকী আদৰ্শবান মহিলাই । তেওঁ হ’ল যোৰহাটৰ নিকটৱৰ্তী বালিগাঁও মৌজাৰ অঞ্জু বৰা ৷ আন বহুজনৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে এইগৰাকী মহিলা । কিদৰে তেওঁ নিজকে এই পৰ্যায়ত উপনীত কৰিলে শুনক তেওঁৰ মুখেৰেই-

শূন্যৰ পৰা অতি সাহসিকতাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমানে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলি সফলতাৰ জখলাত উপনিত হৈ গাঁওখনৰ সকলোৰে বাবে আদৰ্শবান মহিলা হিচাপে পৰিচয় লাভ কৰিছে অঞ্জু বৰাই । উত্তৰ যোৰহাট বালিগাঁৱৰ অঞ্জু বৰাৰ এই চেষ্টা গাঁওখনৰ অন্য মহিলাসকলৰ বাবে আজিৰ তাৰিখত হৈ পৰিছে অনুপ্ৰেৰণাৰ আন এক উৎস ।

নাৰী সবলীকৰণৰ (Women empowerment) এক অন্যতম সাক্ষীৰূপে পৰিগণিত হৈছে যোৰহাটৰ বালিগাঁৱৰ অঞ্জু বৰা । দুটা দশকৰ পূৰ্বে অঞ্জু বৰাই নূন্যতম টকাৰে আৰম্ভ কৰিছিল বিভিন্ন ধৰণৰ আচাৰৰ ব্যৱসায় আৰু সেয়াই আছিল আৰম্ভণি । অধ্যৱসায়ৰ জৰিয়তে অঞ্জু বৰা বৰ্তমান সময়ত এগৰাকী সফল ব্যৱসায়ী । আচাৰক মূল শক্তি হিচাপে ব্যৱহাৰ কৰি এতিয়া চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰীৰ বাবে প্ৰতিযোগিতামূলক বজাৰলৈ উলিয়াই দিছে অঞ্জু বৰাই ।

ব্যৱসায়ৰ ক্ষেত্ৰখনত সফলতাৰ শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগে সহায় কৰাৰ কথাও অকপটে স্বীকাৰ কৰে অঞ্জু বৰাই । প্ৰথম অৱস্থাত চালুকীয়া শক্তিৰে আৰম্ভ কৰা ব্যৱসায়ে আজি প্ৰতিষ্ঠা লাভ কৰাত নিজকে লৈ সুখী অনুভৱ কৰে অঞ্জু বৰাই । আজিৰ তাৰিখত সকলো মহিলাৰ বাবে আৰ্দশ হৈ জিলিকি ৰ'ব যোৰহাট বালিগাঁৱৰ অঞ্জু বৰা ।

লগতে পঢ়ক : Woman mason of Assam: ৰাজমিস্ত্ৰীৰ ৰূপেৰে আন দহগৰাকীৰ বাবে আদৰ্শ হোৱা ভূটান সীমান্তৰ এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.