ETV Bharat / state

যোৰহাটত ডাইনী হত্যাত জড়িত দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ

author img

By

Published : Mar 13, 2020, 8:35 PM IST

যোৰহাটত 2013চনত সংঘটিত নৃশংস ডাইনী হত্যা গোচৰৰ চূড়ান্ত ৰায় প্ৰদান । হত্যাত অভিযুক্ত ১১জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ যোৰহাটৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৷ এজনক মৃত্যুদণ্ড ৷

ডাইনী হত্যা
ডাইনী হত্যা

যোৰহাট,13 মাৰ্চঃ প্ৰায় 7বছৰ পূৰ্বে যোৰহাটত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড ৷ ডাইনীৰ সন্দেহত 2013 চনৰ ২৮ আগষ্টত নামনি মাজুলীৰ বৰডোঙাৰ মিছিং গাঁৱত বৰ্বৰ হত্যাকাণ্ডটো সংঘটিত হয় ৷ গাঁৱখনৰ ৰাজকুমাৰ দলে, পত্নী বৰ্ণালী দলে আৰু কণমানি পুত্ৰৰ লগতে এজন লোকক বৰ্বৰভাৱে হত্যা কৰিছিল এদল লোকে । পৰিয়ালটোক দলটোৱে কাটি টুকুৰা-টুকুৰ কৰি মৃতদেহ নদীত উটাই দিছিল । ডাইনীৰ সন্দেহতে উক্ত হত্যাকাণ্ডটো সংঘটিত হৈছিল ৷

ডাইনী হত্যাত জড়িত অভিযুক্তক শাস্তি

শুকুৰবাৰে যোৰহাটৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এই বৰ্বৰ হত্যাকাণ্ডত জড়িত ১২জনক লোকক দোষী সাব্যস্ত কৰে ৷ এই ঘটনাৰ লগত জড়িত ১১ টা অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশৰ লগতে আন এজনক ফাঁচীৰ হুকুম দিছে আদালতে । ফাঁচীৰ শাস্তি দিয়া ব্যক্তিগৰাকীৰ নাম ৰাজেন দলে বুলি জানিব পৰা গৈছে ৷ আনহাতে,যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়া ব্যক্তিসকল হৈছে-অনিল দলে, লিমাই দলে, অতুল দলে, বিশ্ব পাটৰ, বকু দলে, বিমল পাটৰ, বামুণ দলে, ৰাজু দলে, লখিন্দৰ পাটৰ, জান দলে আৰু জানমা দলে ৷ যোৰহাটৰ সত্ৰ ন্যায়াধীশৰ পলী কটকী আদালতে এই চূড়ান্ত ৰায় প্ৰদান কৰে ৷

লগতে চাওকঃকৰণা ভাইৰাছ বনাম অপপ্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.