ETV Bharat / state

Wild Elephant Menace : মৰিয়নীত নিশা বন্যহস্তীৰ উপদ্ৰৱ; মুখ্যমন্ত্ৰীক সাহাৰ্যৰ আহ্বান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ - বিধায়ক ৰূপজ্যোতি কুৰ্মী

নিশা মৰিয়নীৰ হোলোঙাপাৰ গিৱন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা ৫০-৭০ জনীয়া বন্যহস্তীৰ এটা দলে তাণ্ডৱ চলাই মৰিয়নীৰ পুঙাবাৰী চাহ বাগিচাৰ ৫ নং ৱাৰ্ডত ৷ বিগত কিছুদিন ধৰি প্ৰতি নিশাই বন্যহস্তীৰ জাকে অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে ৷

Wild Elephant Terror at Tea Garden Area in Mariani
বন্যহস্তীৰ উপদ্ৰৱ
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 5:22 PM IST

মৰিয়নীত বন্যহস্তীৰ উপদ্ৰৱ

যোৰহাট, 22 ছেপ্টেম্বৰ : মৰিয়নীত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ ৷ বৃহস্পতিবাৰে নিশা মৰিয়নীৰ হোলোঙাপাৰ গিৱন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা ৫০-৭০ জনীয়া বন্যহস্তীৰ এটা দলে তাণ্ডৱ চলাই মৰিয়নীৰ পুঙাবাৰী চাহ বাগিচাৰ ৫ নং ৱাৰ্ডত ৷ এই অঞ্চলটোৰ কেইবাজনো লোকৰ বিস্তৰ ক্ষতি কৰে হাতীৰ জাকটোৱে ৷ অঞ্চলটোৰ দেবানন্দ তাঁতী, দয়াল কৰ্মকাৰ আৰু নিকোদিন মুণ্ডা নামৰ ব্যক্তিকেইজনৰ গৃহ সম্পূৰ্ণ ৰূপে ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ সমগ্ৰ বয়-বস্তু নষ্ট কৰে বন্য হস্তীৰ জাকটোৱে ৷

জানিব পৰা মতে বিগত কিছুদিন ধৰি প্ৰতি নিশাই বন্যহস্তীৰ জাকে অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে ৷ বন বিভাগক বাৰম্বাৰ যোগাযোগ কৰাৰ পাছতো সময়মতে উপস্থিত নোহোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ উল্লেখ্য যে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ভুক্তভোগীৰ গৃহত পুৱাই উপস্থিত হৈ গৃহ পুনৰ নিৰ্মাণৰ বাবে এককালীন সাহাৰ্য প্ৰদান কৰাৰ লগতে ভুক্তভোগীক তৎকালীন ভাবে সাহাৰ্য প্ৰদান কৰি সহায় কৰিব পৰাকৈ জিলা উপায়ুক্তৰ হাতত পৰ্যাপ্ত পুঁজি প্ৰদান কৰিবৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় ৷

লগতে বিধায়কজনে বন্যহস্তীয়ে তাণ্ডৱ চলোৱা অঞ্চলত নিশাৰ ভাগত মহিলা বনকৰ্মী আৰু বিষয়াৰ পৰিৱৰ্তে পুৰুষ বনকৰ্মী, বিষয়া নিয়োগ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ৷ আনহাতে বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পোৱা অঞ্চলত পৰ্যাপ্ত বনবিভাগৰ কৰ্মী, বিষয়াক নিয়োগ কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷ বৰ্তমান মৰিয়নীত বনবিভাগৰ কৰ্মীৰ সংখ্যা পৰ্যাপ্ত নহয় বুলিও কয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

উল্লেখ্য যে, বনাঞ্চল ধ্বংসৰ পৰিণতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰমে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ হাতীৰ বিচৰণস্থলী সংকুচিত হোৱাৰ লগতে খাদ্যৰ সংকটত পৰা হাতীৰ জাক প্ৰৱেশ কৰিছে জনাঞ্চলত ৷ জনাঞ্চলত হাতী প্ৰৱেশ কৰি মানুহৰ শস্যৰ পথাৰ, ভঁৰালৰ লগতে বাসগৃহও ক্ষতিগ্ৰস্ত কৰিছে হাতীৰ জাকে ৷ হাতী-মানুহৰ এই সংঘাতৰ ফলত বহু সময়ত সাধাৰণ লোকে প্ৰাণো হেৰুৱাব লগা হয় ৷

লগতে পঢ়ক : Four lane Highway at Samaguri : নগাঁৱত চূড়ান্ত প্ৰহসনত পৰিণত হ'ল চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.