ETV Bharat / state

Wild Elephant Terrible Scene at Moriani: বন্যহস্তীৰ ত্ৰাসত কম্পমান মৰিয়নি-তিতাবৰ সীমান্তবাসী - Wild elephant scare at Titabar

মৰিয়নি-তিতাবৰ সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ । গিৱন অভায়ৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলটোত । জাকৰ পৰা পৃথক হৈ পৰাৰ ফলত উগ্ৰ হৈ পৰা হাতীটোৱে শুকুৰবাৰে নিশা ভাঙি লণ্ডভণ্ড কৰে এটা বাসগৃহ ।

Wild elephant menace in Jorhat
বন্যহস্তীৰ ত্ৰাসত কম্পমান মৰিয়নি-তিতাবৰ সীমান্তবাসী
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:13 PM IST

বন্যহস্তীৰ ত্ৰাসত কম্পমান মৰিয়নি-তিতাবৰ সীমান্তবাসী

যোৰহাট,৯ ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে বিভিন্ন প্ৰান্তৰ ৰাইজে । হাতী-মানুহৰ সংঘাতে চূড়ান্ত ৰূপ লোৱাৰ পাছতো এতিয়াও যেন সাৰ পোৱা নাই বনবিভাগে । বন্যহস্তীৰ উপদ্ৰৱত প্ৰতিটো নিশাই উজাগৰে কটাবলগীয়া হৈছে মৰিয়নি-তিতাবৰ সীমান্তবাসী ৰাইজে ।

মৰিয়নিৰ গিৱন অভায়ৰণ্য পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে মৰিয়নিৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস অব্যাহত ৰখা সমান্তৰালভাৱে এইবাৰ তিতাবৰ বিভিন্ন প্ৰান্তত অৰ্থাৎ চাহ অধ্যুষিত অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে, উক্ত হাতী জাকটোৰ পৰা পৃথক হৈ পৰা এটা হাতীয়ে তিতাবৰ চাহ অধ্যুষিত এলেকাত ব্যাপক হাৰত সন্ত্ৰাস অব্যাহত ৰাখিছে । কাৰণ হাতীজাকটোৰ পৰাৰ পৃথক হৈ পৰাত অধিক উগ্ৰ হৈ পৰে হাতীটো ।

শুকুৰবাৰে পুৱতি নিশা তিতাবৰ পুৰণা লাইনৰ দ্বীপ ভূমিজ নামৰ লোকজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে হাটীটোৱে । বন্যহস্তীটোৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে দিপাশ্ৰী ভূমিজ নামৰ এগৰাকী ৭ বছৰীয়া কণমানিৰ । আনহাতে হাতীৰ জাকৰ পৰা পৃথক হৈ পৰা উগ্ৰ বন্যহস্তীটোৱে বিভিন্ন অঞ্চলত বিভিন্ন লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিয়ে ক্ষান্ত নাথাকি সেউজীয়া কৃষি ভুমি নষ্ট কৰিছে ।

ফলত হাতীটোৰ ক্ৰমবৰ্ধমান সন্ত্ৰাসত চিন্তিত হৈ পৰিছে কৃষিজীৱী লোকসকল আৰু প্ৰতি মুহুৰ্ত্বতে হাতী আক্ৰমণৰ সংশয়ত ভুগি থকা স্থানীয় লোকসকলে উজাগৰী নিশা কটাবলৈ বাধ্য হৈ পৰিছে । বিগত কিছুদিন ধৰি গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীজাকটোৰ পৰা অকলশৰীয়া হৈ পৰা উগ্ৰ হাতীটোৱে তিতাবৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আহিছে যদিও আজিকোপতি হাতীটোক গিবন অভয়াৰণ্যলৈ ঘূৰাই পঠিয়াবলৈ সক্ষম হোৱা নাই বনবিভাগ ।

লগতে পঢ়ক: Erosion at Kalgachia : কালৰূপী বেঁকী, পাঁচ দিনত উচন ৫০ টা পৰিয়ালৰ বাসগৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.