ETV Bharat / state

কেনে আছে ‘কা’ আন্দোলনত প্ৰাণ হেৰুওৱা টীয়কৰ ৰাজেন বৰুৱাৰ পত্নী !

‘কা’ আন্দোলন (CAA protest)ৰ সময়ত আন্দোলনস্থলীতে প্ৰাণ হেৰুওৱা টীয়কৰ ৰাজেন বৰুৱাৰ পত্নীয়ে ক্ষোভ উজাৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৷ ‘কা’ বিৰোধীৰ শিৱিৰ ত্যাগ কৰি ‘কা’ সমৰ্থনকাৰীৰ শিৱিৰত যোগ দিয়া মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ স্থিতিক লৈয়ো অসন্তুষ্ট ৰাজেন বৰুৱাৰ পত্নী ৷

wife rajen barua who died in anti caa movement is being vocal against akhil gogoi and rupjyoti kurmi
কেনে আছে কা’ আন্দোলনত প্ৰাণ হেৰুওৱা টীয়কৰ ৰাজেন বৰুৱাৰ পত্নী
author img

By

Published : Jul 11, 2021, 5:05 PM IST

টীয়ক, 11 জুলাই : মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi) আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi) বিৰুদ্ধে ক্ষোভ উজাৰিছে বিগত 2019 চনৰ ডিচেম্বৰৰ 11 তাৰিখে কা আন্দোলনস্থলীতে (Anti CAA movement) কৰুণ মৃত্যুক আকোৱালি লোৱা টীয়ক বনাইৰ ৰাজেন বৰুৱাৰ পত্নীয়ে । ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন ২০১৯ (Citzenship Amendment Act 2019)ৰ বিৰোধত প্ৰতিবাদ মুখৰ হৈ পৰিছিল ৰাইজ, সেই সময়ত ব্যতিক্ৰম নাছিল যোৰহাট জিলাৰ টীয়ক অঞ্চলো ।

সমগ্ৰ ৰাজ্যৰ লগতে টীয়কৰ গাঁৱে ভূঞেও এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত লিপ্ত হৈছিল ৰাইজ । এনে সময়তে প্ৰতিবাদ কৰিবলৈ নৰীয়া দেহেৰেই ৰাজপথলৈ ওলাই আহিছিল টীয়কৰ বনাইৰ ৰাজেন বৰুৱা ৷ শাৰীৰিক অসুস্থতাৰ বাবে প্ৰতিবাদস্থলীতে মৃত্যু হৈছিল বৰুৱাৰ । পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰয়াত বৰুৱাৰ ঘৰত উপস্থিত হৈ প্ৰয়াত বৰুৱাৰ মৃত্যুক জাতিৰ বাবে কৰা সৰ্বোচ্চ ত্যাগ হিচাপে সন্মান জনাইছিল ৷

কেনে আছে কা’ আন্দোলনত প্ৰাণ হেৰুওৱা টীয়কৰ ৰাজেন বৰুৱাৰ পত্নী

কংগ্ৰেছৰ বিধায়িনী দলৰ তৰফৰ পৰা ৰাজেন বৰুৱাৰ পৰিয়াললৈ আগবঢ়োৱা হৈছিল দুই লাখ টকা ৷ ইয়াৰে পঞ্চাশ হাজাৰ টকা মৰিয়নিৰ তদানীন্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষলৈ আহি প্ৰদান কৰি বাকী ডেৰ লাখ টকা পৰৱৰ্তী সময়ত প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।

কিন্তু, সম্প্ৰতি ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছত ৰূপজ্যোতিয়ে প্ৰতিশ্ৰুতি পূৰণ কৰিব নে নাই সেই লৈ আশংকা ব্যক্ত কৰিছে ৰাজেন বৰুৱাৰ পত্নীয়ে । ইয়াৰ লগতে ‘কা’ বিৰোধী শিবিৰ (Anti CAA group) এৰি ‘কা’ সমৰ্থন কৰা শিৱিৰ (CAA supporters group)ত ৰূপজ্যোতিয়ে যোগদান কৰা কাৰ্যকো সমালোচনা কৰিছে ৰাজেন বৰুৱাৰ পত্নীয়ে ।

কেৱলমাত্ৰ ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধেই নহয়, শিৱসাগৰৰ বিধায়ক তথা কা আন্দোলনৰ অন্যতম নেতা অখিল গগৈ (Akhil Gogoi)ৰ প্ৰতিও ক্ষোভ উজাৰিলে ৰাজেন বৰুৱাৰ পত্নীয়ে । পাঁচ দিনকৈ শিৱসাগৰত থাকি যোৱাৰ পাছতো দুৰ্ভগীয়া পৰিয়াল টোৰ খবৰ কৰিবলৈ বিধায়ক গৰাকীয়ে আহৰি নোপোৱা বুলি অভিযোগ কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰয়াত বৰুৱাৰ পত্নী জোনমণি বৰুৱাই ।

লগতে পঢ়ক : নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা: নিহত ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.