টীয়ক, 9 ডিচেম্বৰ : চিকিৎসাৰ লগতে যাতে ৰোগীসকলে কিছু হ’লেও সাহিত্য চৰ্চা কৰিব পাৰে তাৰ উদ্দেশ্যে কিছু ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি চৰ্চালৈ আহিছে টীয়কৰ ভগামুখ আদৰ্শ চিকিৎসালয়খন ৷ ভগামুখ অঞ্চলৰ একাংশ সাহিত্য অনুৰাগীৰ প্ৰচেষ্টাত ভগামুখ আদৰ্শ চিকিৎসালয় কৰ্তৃপক্ষৰ সহযোগত চিকিৎসালয়খনৰ বিশ্ৰাম কক্ষত শনিবাৰে ‘যাত্ৰিক’ নামেৰে এখন প্ৰাচীৰ পত্ৰিকা মুকলি কৰা হয় ৷
ভগামুখ কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমধৰ গগৈৰ সভাপতিত্বত আয়োজন কৰা হয় উক্ত অনুষ্ঠানটো ৷ ইফালে পত্ৰিকা উন্মোচনী সভাত সভাৰ উদ্বোধক হিচাপে ভগামুখ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ দীপা ঠাকুৰীয়া, পত্ৰিকা উন্মোচক হিচাপে তামুলীচিগা ঘনকান্ত বৰা মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিত বৰাৰ লগতে পত্ৰিকাৰ দাতা কমল শইকীয়া, ভগামুখ গাঁও পঞ্চায়তৰ সভানেত্ৰী মেঘালী বৰাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
ইপিনে ভগামুখ অঞ্চলত সাহিত্যনুৰাগী সৃষ্টিৰ মানসেৰে এই প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰি প্ৰতি দুমাহৰ মূৰে মূৰে নৱৰূপত উপস্থাপন কৰা হ’ব বুলি উল্লেখ কৰে পত্ৰিকাৰ প্ৰস্তাৱনা সংখ্যাৰ সম্পাদক শাৰংগ বৰুৱাই ৷ আনহাতে অনাগত দিনত লেখনিৰ সংকলনেৰে এক গ্ৰন্থ প্ৰস্তুত কৰা হ’ব বুলিও উল্লেখ কৰে পত্ৰিকাৰ প্ৰস্তাৱনা সংখ্যাৰ সম্পাদক বৰুৱাই ৷
এইক্ষেত্ৰত সম্পাদক বৰুৱাই কয়, ‘‘চিকিৎসালয়লৈ অহা ৰোগীসকলে চিকিৎসাৰ লগতে তেওঁলোকে যাতে পঢ়িব পাৰে তাৰ বাবে এই প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হ’ল ৷ ইয়াৰ দ্বাৰা কেবল ৰোগীয়ে নহয়, অঞ্চলটোৰ বাসিন্দাসকলৰ যাতে সাহিত্যৰ প্ৰতি অধিক আগ্ৰহ জন্মে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা হৈছে ৷ অঞ্চলটোৰ সাহিত্য অনুৰাগী অধিক উৎসাহিত হৈছে ৷’’
আনহাতে, এই পদক্ষেপে চিকিৎসালয়লৈ অহা ৰোগীৰ লগতে ভগামুখ অঞ্চলত এক সাহিত্যৰ পৰিৱেশ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে সভাত উপস্থিত ৰাইজে ৷
লগতে পঢ়ক:অপৰাধীক নহয়, ভুক্তভোগীক হাৰাশাস্তিৰ অভিযোগ যোৰহাটৰ পুলিবৰ আৰক্ষীৰ বিৰুদ্ধে