যোৰহাট, 28 জুন: নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি বৰ্তমান বজাৰৰ প্ৰতিবিধ সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে ৷ বিশেষকৈ শাক-পাচলিৰ বজাৰত এতিয়া জুই জ্বলিছে ৷ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত চৰকাৰখন ব্যৰ্থ হৈছে বুলি দাম বৃদ্ধিত কোঙা হৈ পৰা ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে যোৰহাটতো শাক-পাচলিৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক ৷ শেহতীয়াকৈ যোৰহাটত শাক-পাচলিৰ অত্যাধিক দাম বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে ৷ যোৰহাট নিউভিল ৰোডত থকা শাক-পাচলিৰ পাইকাৰী বজাৰত মূল্য বৰ্তমান আকাশলংঘী হৈছে ৷ এই বজাৰত প্ৰতিকেজি বিলাহীৰ দাম 80 ৰ পৰা 120 টকা পৰ্যন্ত, ভাতকেৰেলা 80 ৰ পৰা 100 টকা, লেচেৰা মাহ 80ৰ পৰা 90, টিঁয়হ 60 পৰা 80 টকা, পটল 80ৰ পৰা 100 টকা পৰ্যন্ত দাম চুইছেগৈ ৷ শাক-পাচলিৰ অত্যাধিক মূল্য বৃদ্ধিৰ পিছতো দাম নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ৰাজ্যৰ বিয়াগোম যোগান বিভাগে ৷ ফলত যোগান বিভাগৰ অকৰ্মণ্যতাৰ বাবেই পাচলি বিক্ৰেতাই যি মন যায় সেই নিৰিখতে গ্ৰাহকৰ পৰা দাম লয় ৷
আনহাতে যোৰহাটৰ নিউভিল ৰোডৰ শাক-পাচলি বজাৰত মধ্যভোগী দালালৰ হাতোৰা পৰাৰ বাবেও মূল্যবৃদ্ধি হোৱা বুলি একাংশ ই ক'ব খোজে ৷ এইদৰে এই সকল শাক-পাচলি ব্যৱসায়ীয়ে বিভিন্ন কাৰণ দেখুৱাই অত্যাধিক হাৰত পাচলিৰ মূল্যবৃদ্ধি ঘটায় সাধাৰণ জনতাক হাৰশাস্তি কৰিছে ৷ শাক-পাচলিৰ দামৰ তাৰতম্যৰ ক্ষেত্ৰত বিভগীয় কৰ্তৃপক্ষই যদি হস্তক্ষেপ নকৰে তেন্তে এই সকল পাচলি ব্যৱসায়ীয়ে লুটি-পুটি খাব সাধাৰণ জনতাক ৷
উল্লেখযোগ্য যে, যোৰহাটৰ নিউভিল ৰোডৰ শাক-পাচলি বজাৰত বৰ্তমান এটা বিশেষ ৰাজনৈতিক দলৰ ব্যক্তিৰ হস্তক্ষেপত দাম বৃদ্ধি আৰু হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি অভিযোগ উত্থাপন হৈছে ৷ শাক-পাচলি দামৰ নিৰিখ বৰ্তমান সময়ত এই বিশেষ ব্যক্তিজনে গ্ৰহণ কৰাৰ বাবে শাক-পাচলিৰ দাম আকাশলংঘী হৈছে বুলি কব খোজে একাংশই ৷ এই জন ব্যক্তিৰ বিশেষ ৰাজনৈতিক দলটো প্ৰভাৱশালী হোৱাৰ বাবেই যোগান বিভাগ তথা প্ৰশাসন নীৰৱে থকাৰো আন এক অভিযোগ উত্থাপন কৰে একাংশ লোকে ৷
লগতে পঢ়ক: Artificial Flood at Kaliabor: কৃত্ৰিম বানৰ কবলত কলিয়াবৰৰ কেইবাটাও পৰিয়াল