ETV Bharat / state

যোৰহাটত ১৮-৪৪ বছৰ বয়সৰ লোকক প্ৰতিষেধক প্ৰদান - মহাবিদ্যালয়তো টীকাকৰণ

শুকুৰবাৰে যোৰহাটত ১৮-৪৪ বছৰ বয়সৰ ব্যক্তিক ক'ভিড-১৯ৰ প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । জিলাখনৰ ভিন্ন স্থানৰ লগতে ৫ খন মহাবিদ্যালয়তো টীকাকৰণ অভিযান চলোৱা হৈছে । বহু যুৱক-যুৱতী আগবাঢ়ি আহিছে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ।

Vaccination drive started in jorhat
যোৰহাটত টীকাকৰণ অভিযান
author img

By

Published : May 7, 2021, 5:08 PM IST

যোৰহাট, ৭ মে': যোৰহাটত মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ সময়তে শুকুৰবাৰে ১৮-৪৪ বছৰ বয়সৰ ব্যক্তিৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হয় । যোৰহাটৰ বিভিন্ন স্থানত এই নিৰ্দিষ্ট বয়সৰ লোকসকলে প্ৰতিষেধক কৰা পৰিলক্ষিত হৈছে । আন আন স্থানৰ লগতে যোৰহাটৰ ৫ খন মহাবিদ্যালয়তো প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হৈছে ।

যোৰহাটত টীকাকৰণ অভিযান

যোৰহাটৰ চন্দ্ৰ কমল মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট মহাবিদ্যালয়, দেৱী চৰণ বৰুৱা মহাবিদ্যালয় আৰু বাহনা মহাবিদ্যালয়ত চলিছে টীকাকৰণ প্ৰক্ৰিয়া । অনলাইনযোগে পঞ্জীয়ন কৰা লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে । সামাজিক দূৰত্ব মানি চলি প্ৰতিষেধক গ্ৰহণৰ বাবে যুৱক-যুৱতীসকলেও শাৰী পাতি থকা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:প্লাষ্টিকেৰে নিৰ্মাণ কৰা হ’ল গ্ৰাম্য পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.