যোৰহাট,26ছেপ্টেম্বৰ: যোৰহাটৰ এগৰাকী বিশিষ্ট নাগৰিক,জ্যেষ্ঠ অধিবক্তা, সমাজ সেৱক প্ৰয়াত ইকবাল আহমেদৰ স্মৃতিত শুকুৰবাৰে এখন স্মৰণিকা 'নক্ষত্ৰ' উন্মোচন কৰা হয় ৷ উজনী অসম হজ যাত্ৰী তদাৰক সমিতি, জামাত কল্যাণ সমিতি,গণতান্ত্ৰিক ফ'ৰাম যোৰহাটৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত যোৰহাট আছিয়ানাত ক'ভিডৰ সকলো নীতি-নিৰ্দেশনা মানি এক অনুষ্ঠানৰ জৰিয়তে স্মৰণিকাখন উন্মোচন কৰা হয় ৷ স্মৰণিকাখন উন্মোচন কৰে দৈনিক জনমভূমিৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাইয়ে ।
![Unveiling of 'Nakshatra' in memory of Iqbal Ahmed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8942112_ui.jpg)
এই অনুষ্ঠানত যোৰহাট গণতান্ত্ৰিক ফ'ৰামৰ সহযোগত সন্মিলিত নাগৰিক মঞ্চ যোৰহাটৰ দ্বাৰা প্ৰয়াত ইকবাল আহমেদক মৰণোত্তৰভাৱে 'বন্ধু বৎসল' অভিধা প্ৰদান কৰা হয় । এই অভিধা প্ৰয়াত ইকবাল আহমেদৰ পৰিয়ালবৰ্গক প্ৰদান কৰা হয় ৷ অনুষ্ঠানত নাগৰিক মঞ্চৰ উপদেষ্টা ড৹ দেৱব্ৰত শৰ্মা, সভাপতি গোপাল গোস্বামী,কাৰ্যকৰী সভাপতি তথা অধিবক্তা হেমেন বৰায়ে প্ৰয়াত ইকবাল আহমেদৰ ৰাইজৰ প্ৰতি থকা মৰম আৰু সেৱাৰ বাবে 'বন্ধু বৎসল' উপাধিৰে ৰাইজৰ মাজত সদায় অমৰ হৈ থাকিব বুলি আশা প্ৰকাশ কৰে ।
বিশিষ্ট শিক্ষাবিদ ড. আদিলউল ইয়াচিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ আতধৰে ৰফিক আহমেদে । ইয়াৰ উপৰিও সভাখনত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷
অন্য এক খবৰৰ বাবে: মুকাভিনয়েৰে ৰাইজক সজাগ কৰাৰ প্ৰয়াস