ETV Bharat / state

যোৰহাটত ব্যৰ্থ ট্ৰেফিক পুলিচ!! - যোৰহাট,

যোৰহাট ট্ৰেফিক পুলিচৰ ব্যৰ্থতা ৷ যান-জঁটৰ সমস্যা সমাধানৰ বিপৰীতে জৰিমনা সংগ্ৰহ কৰাত ব্যস্ত থকাৰ অভিযোগ যোৰহাট ট্ৰেফিক পুলিচৰ বিৰুদ্ধে ৷

যোৰহাটত ব্যৰ্থ ট্ৰেফিক পুলিচ
author img

By

Published : Apr 24, 2019, 12:36 PM IST

যোৰহাট,24এপ্ৰিলঃ যোৰহাটত সু-পৰিকল্পনাৰ অভাৱত ট্ৰেফিক পুলিচৰ ব্যৰ্থতা ৷ জনসাধাৰণক সামাজিক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ থকা যোৰহাট আৰক্ষীয়ে আনকি নগৰখনৰ ভয়ানক গতিত বৃদ্ধি পোৱা যান-জঁটৰ সমস্যাক নিয়ন্ত্ৰণ কৰাটো ব্যৰ্থ হোৱাত এতিয়া নগৰখনত তীব্ৰ বিশৃংখতাই দেখা দিছে ৷ নগৰখনৰ মাজৰে যোৱা এ টি ৰোড সংলগ্ন কৰা প্ৰতিটো উপ-পথ সংযোগী তিনিআলি, চাৰিআলিত দিনৰ ভাগত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। ট্ৰেফিক পুলিচৰ দ্বায়িত্বত থকাৰ পাচতো নগৰখনত একাংশ যান-বাহনে ৰাজপথত যান-বাহন আইন উলংঘা কৰা দেখা যায়। ইপিনে একাংশ লোকৰ অভিযোগ যোৰহাট ট্ৰেফিক পুলিচে মাথো হেলমেট পৰিধান নকৰা ব্যক্তিৰ বিৰুদ্ধে জৰিমনা সংগ্ৰহ কৰাত ব্যস্ত থকাৰ বাবেই দিনক দিনে চহৰখনত সৃষ্টি হৈছে এনেধৰণৰ ব্যাপক যান-জঁটৰ সমস্যা ।

সু-পৰিকল্পনাৰ অভাৱত ট্ৰৈফিক পুলিচৰ ব্যৰ্থতা প্ৰকট।।

জনসাধাৰণক সামাজিক নিৰাপত্তা প্ৰদানত সম্পূৰ্ণ ব্যৰ্থ হোৱা যোৰহাট আৰক্ষীয়ে আনকি নগৰখনৰ ভয়ানক গতিত বৃদ্ধি পোৱা যান-জটৰ সমস্যা সুশৃংখলভাৱে নিয়ন্ত্ৰণ কৰাৰ বেলিকাও ব্যৰ্থ হোৱাটো ভাগত নগৰখনৰ বিশৃংখল অৱস্হাটোৱেই প্ৰকট কৰি তুলিছে।নগৰখনৰ মাজৰে যোৱা এ টি ৰড সংলগ্ন কৰা প্ৰতিটো উপ-পথৰ সংযোগী তিনিআলি,চাৰিআলিত দিনৰ ভাগত সৃষ্টি হয় যান-জটৰ।ট্ৰেফিক পুলিচৰ দ্বায়িত্বত থকাৰ পাছতো নগৰ খনত দুচকীয়া,তিনিচকীয়া,চাৰিচকীয়া একাংশ যান-বাহনে ৰাজপথত যান-বাহন আইন উলংঘা কৰিবলৈ সুবিধা পায় অথবা সাহস কৰে সৰ্বসাধাৰণৰ বাবে ৰহস্য জনক প্ৰশ্ন।আনকি নগৰৰ অতিশয় ব্যস্ততা পূৰ্ণ বৰৱাচাৰি আলি,বিষ্টুৰাম বৰৱা চাৰিআলি পুলিচ পইন্ট,থানা চাৰিআলি পইন্ট,চক্ বজাৰ, পুৰণি পাব্লিক বাছ আস্হান তিনিআলি,নিৰ্মল চাৰি আলি পইন্ট আদিত এ টি ৰড আৰু সংযোগী উপ-পথত ডিভাইডাৰ থকা অৱস্থাত যাত্ৰীবাহী বাহন সমূহে যাত্ৰীৰ অপেক্ষাত নিজৰ খেয়াল সুচি মতে ৰখাই থোৱাত সমস্যাৰ সন্মোখীন হয় সাধাৰণ জনতাই।ট্ৰৈফিক পুলিচে মাথো হেলমেট পৰিধাৰন নকৰা ব্যক্তিৰ বিৰুদ্ধে জৰিমণা সংগ্ৰহ কৰাতহে ব্যস্ত থকাৰ বাবে ই দিনক দিনে চহৰখনত সৃষ্টি হৈছে ব্যাপক যান-জটৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.