ETV Bharat / state

সোঁ-শৰীৰে স্ব-গৃহলৈ ৰিতুল শইকীয়া

author img

By

Published : May 22, 2021, 10:21 AM IST

প্ৰায় এটা মাহৰ অন্তত স্ব-ভূমিত উপস্থিত হৈছে অপহৃত ৰিতুল শইকীয়া ৷ শনিবাৰে পুৱা প্ৰায় 7 বজাত ভাৰত-ম্যানমাৰ সীমান্তৰ লংৱা গাঁৱত আলফা স্বাধীনে মুকলি কৰি দিয়ে অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী গৰাকীক ৷ বহু অপেক্ষাৰ অন্তত ঘৰৰ অভিমুখে যাত্ৰা কৰিছে ৰিতুলে ৷

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত আনন্দৰ বন্যা

শিৱসাগৰ,22 মে’: অৱশেষত স্ব-ভূমিত উপস্থিত হৈছে অপহৃত ৰিতুল শইকীয়া ৷ বহু অপেক্ষাৰ অন্তত ঘৰৰ অভিমুখে যাত্ৰা কৰিছে ৰিতুল শইকীয়াই ৷ যাক লৈ এতিয়া আনন্দৰ বন্যা ৰিতুলৰ বাসগৃহত ৷ পুত্ৰক কাষত পাবলৈ অধীৰ হৈ আছে ৰিতুলৰ পিতৃ-মাতৃ ৷

বিগত 22 এপ্ৰিলতে চৰাইদেউ জিলাৰ লাকুৱাৰ পৰা অপহৰণ কৰা হৈছিল অ’ এন জি চি (ONGC) ৰ কৰ্মচাৰী ৰিতুল শইকীয়াক ৷ প্ৰায় এটা মাহৰ অন্তত আজি অৰ্থাৎ শনিবাৰে পুৱা প্ৰায় 7 বজাত ভাৰত-ম্যানমাৰ সীমান্তৰ লংৱা গাঁৱত আলফা স্বাধীনে মুকলি কৰি দিয়ে অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী গৰাকীক ৷

উল্লেখ্য যে, বুধবাৰে ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই আৰু অৱশেষত সোঁ-শৰীৰে আলফা স্বাধীনে মুকলি কৰি দিয়ে ৰিতুল শইকীয়াক ৷

লগতে পঢ়ক: আলফা স্বাধীনে মুকলি কৰিলে অপহৃত ৰিতুল শইকীয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.