ETV Bharat / state

Dergaon Road Accident: উইংগাৰে মহতিয়াই নিলে ই-ৰিক্সা; দুগৰাকী ছাত্ৰী আহত

author img

By

Published : Jul 21, 2023, 8:15 PM IST

যাত্ৰীবাহী উইংগাৰ আৰু ট্ৰেভেলাৰ দৌৰাত্ম্যত আতংকিত ৰাইজ ৷ তীব্ৰ বেগী বাহনে যাত্ৰী আৰু পথচাৰীৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ তীব্ৰ বেগী যাত্ৰীবাহী উইংগাৰে মহতিয়াই নিলে এখন ই-ৰিক্সা ৷

Dergaon Road Accident
যাত্ৰীবাহী উইংগাৰে মহতিয়াই নিলে এখন ই-ৰিক্সা

যোৰহাট,21 জুলাই: এইবাৰ ৰাজপথত যাত্ৰীবাহী উইংগাৰ আৰু ট্ৰেভেলাৰ দৌৰাত্ম্যত আতংকিত ৰাইজ ৷ কাৰণ একাংশ উইংগাৰ আৰু ট্ৰেভেলাৰ বাহন দৌৰাত্মই যাত্ৰী আৰু পথচাৰীৰ জীৱনৰ নিৰাপত্তা প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ শুকুৰবাৰে তেনে এক ঘটনা সংঘটিত হ’ল দেৰগাঁৱত ৷

ঘটনা অনুসৰি দেৰগাঁও দিশ পৰা গোলাঘাট অভিমুখে গৈ থকা এখন তীব্ৰ বেগী যাত্ৰীবাহী উইংগাৰে মহতিয়াই নিলে এখন ই-ৰিক্সা ৷ দেৰগাঁৱৰ ইন্দ্ৰাণীদেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এই ঘটনা সংঘটিত হয় ৷ আনহাতে ই-ৰিক্সাখনত আছিল দুগৰাকীকৈ ছাত্ৰী ৷ দুই ছাত্ৰীয়ে টিউচনৰ পৰা ঘৰলৈ গৈ আছিল ই-ৰিক্সাখনত ৷ তেনে সময়তে তীব্ৰ বেগী যাত্ৰীবাহী উইংগাৰে মহতিয়াই নিয়ে বাহনখন ৷ ফলত ই-ৰিক্সা চালকসহ দুই ছাত্ৰী গুৰুতৰ বাবে আহত হয় ৷

এই ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলী পৰা উধাও হয় তীব্ৰবেগী উইংগাৰখন ৷ আহত দুই ছাত্ৰীক ততাতৈয়াকৈ স্থানীয় লোকৰ সহযোগত দেৰগাঁও সামুহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । এই দুৰ্ঘটনাৰ ফলত বহুসময় ধৰি উক্ত পথৰ দুয়োকাষে আৱদ্ধ হৈ পৰে যান-বাহন । উল্লেখ্য যে একাংশ গাড়ী চালকে প্ৰতিযোগিতামূলকভাৱে ৰাজপথত দৌৰাত্ম্য চলোৱা বাবে এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে ৷

কিন্তু এই দৌৰাত্ম্য ৰোধ কৰাৰ ক্ষেত্ৰত পৰিবহন বিভাগ আৰু যান বাহন শাখা আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ উথাপন কৰিছে ৰাইজে । আনহাতে দেৰাগাঁও আৰু গোলাঘাট সংযোগী পথৰ নিচেই কাষতেই বহুকেইখন শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী আৰু বেচৰকাৰী অফিচ আছে ৷ সেয়েহে দৌৰাত্ম্য চলোৱা বাহনসমুহৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে ৷

লগতে পঢ়ক:Accident in Dergaon:দেৰগাঁৱত ট্ৰেভেলাৰ-টেংকাৰৰ মুখামুখি সংঘৰ্ষত আহত ২১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.