যোৰহাট,21 জানুৱাৰীঃসোমবাৰে আৰক্ষীয়ে অভিযান চলাই যোৰহাটৰ বৰহোলাৰ এখন দোকানৰ পৰা উদ্ধাৰ কৰে এটা 9 mm পিষ্টল,দুটা মেগাজিনসহ 18 জাই সজীৱ গুলিৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷
দীৰ্ঘ সময়ৰ পৰা মেৰাপানী আৰু ডিমাপুৰৰ পৰা অস্ত্ৰ কিনি আনি উজনি অসমৰ বিভিন্ন ঠাইত বিক্ৰী কৰাৰ অভিযোগত আৰক্ষী অধীক্ষকে গ্ৰেপ্তাৰ কৰে বৰহোলা নিবাসী চন্দন ফুকন আৰু জোতা দোকানী বাইজু কুমাৰ চাহক।
লগতে পঢ়কঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বোমা বিষ্ফোৰণ
উল্লেখ্য যে,আৰক্ষীয়ে চন্দন ফুকনক সোধ-পোচ কৰা পাছত যোৰহাট জিলাৰ কুখ্যাত অপৰাধী বাবুল লাহনক যোৰহাট আৰক্ষীয়ে আটক কৰে। তথ্য অনুসৰি,অস্ত্ৰ ব্যৱসায়ী চন্দনৰ সহযোগী আছিল বাবুল লাহন ৷ ইয়াৰোপৰি গ্ৰেপ্তাৰ যুৱক কেইজন কেৱল অস্ত্ৰ ব্যৱসায়ৰ লগতে অনা অসমীয়াৰ পৰা ধন দাবী,ONGCৰ ঠিকাদাৰৰ পৰা ধন দাবী,খাৰুৱা তেলৰ চোৰাং ব্যৱসায়,বিভিন্ন অসামাজিক কামত লিপ্ত থকাৰ লগতে চন্দন আৰু বাবুল লাহনৰ ওপৰত কেবাটাও হত্যাৰ গোচৰ চলি আছে ৷ আনহাতে 26 জানুৱাৰীৰ প্ৰাকক্ষণত যোৰহাট আৰক্ষীৰ এয়া বৃহৎ সাফল্য ৷