ETV Bharat / state

ৰোজা ভংগ কৰি হিন্দু ব্যক্তিক মুছলমান যুৱকৰ ৰক্তদান !

যোৰহাটত তিনিজন যুৱকে দেখুৱালে মানৱতাৰ চূড়ান্ত নিদৰ্শন ৷ ৰোজা নধৰি দুই যুৱকে চিকিৎসাধীন হিন্দু ব্যক্তিক কৰিলে ৰক্তদান । ৮ দিন ধৰি কেও কিছু নোহোৱা পৰিয়ালটোক সহায় দুজন মুছলমান যুৱকৰ ৷

author img

By

Published : May 1, 2020, 7:54 PM IST

TWO ISLAM YOUTH DONATING BLOOD TO A HINDU ELDER PERSON

যোৰহাট, 1 মে' : COVID-19ৰ গৰাহত পৰি সমগ্ৰ মানৱ জাতিৰ অস্তিত্ব বৰ্তমান বিপদাপন্ন । এই চূড়ান্ত বিপদৰ সময়চোৱাত একাংশই ধৰ্মক লৈ বিষবাষ্প বিয়পোৱাৰ সময়তেই আন একাংশ লোকে দেখুৱাইছে মানৱতাৰ প্ৰকৃত নিদৰ্শন । এই লোক সকলৰ বাবে ধৰ্মীয় ভেদা-ভেদৰ বিপৰীতে যেন মানৱ সেৱাই হৈ পৰিছে প্ৰকৃত ধৰ্ম।

এনে এক ঘটনা সংঘটিত হ'ল যোৰহাটত। তিনিজন মুছলমান সম্প্ৰদায়ৰ যুৱকে কেও কিছু নোহোৱা বৃদ্ধ হিন্দু দম্পতীৰ বাবে কৰিলে ৰক্তদান । পবিত্ৰ ৰমজানৰ ৰোজাকো ত্যাগ কৰি ৰক্তদান কৰিছে দুই যুৱকে ৷ আনহাতে আন এজন মুছলমান যুৱকে ৰোগাক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা তৰুণ বৰা নামৰ বৃদ্ধ ব্যক্তিজনক প্ৰায় ৮ দিন ধৰি পৰিচৰ্যা কৰি আহিছে ।

ৰোজা নধৰি হিন্দু ব্যক্তিক মুছলমান যুৱকে কৰিলে ৰক্তদান !
অকলশৰীয়া অঞ্জলি বৰা আৰু তেওঁৰ স্বামী তৰুণ বৰাই যোৰহাটৰ ৰজামৈদামৰ গজপুৰীয়া অঞ্চলৰ এটা ভাড়া ঘৰত বাস কৰে। সেই সূত্রে যোৰহাটৰ চাৰি গাঁৱৰ আদিল হুছেইন নামৰ যুৱকজনৰ সৈতে চিনাকি আছিল তেওঁলোকৰ । কিন্তু প্ৰায় এসপ্তাহ পূৰ্বে মেলিনা ৰোগত আক্রান্ত হৈ হঠাৎ অসুস্থ হৈ পৰে তৰুণ বৰা ৷ ততাতৈয়াকৈ তেওঁক ভৰ্তি কৰোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত । তেতিয়াৰে পৰাই আদিল হুছেইন নামৰ যুৱকজনে পৰিয়ালটোৰ কাষত থিয় হৈ কপৰি চৰিচৰ্যা কৰি আহিছে ৷

আনহাতে, তৰুণ বৰাক তেজৰ প্ৰয়োজন হোৱাত শুকুৰবাৰে ৰোজা নধৰি তেজ দিবৰ বাবে লাহদৈগড়ৰ পৰা আহিল আমজাদ হুছেইন আৰু আলি আহমেদ নামৰ যুৱক দুজন। দুয়োজন যুৱক TEAM HUMANITY নামৰ ৰক্ত দানৰ সংস্থাটোৰ সদস্য। এই সংকটৰ সময়ত জাতি ধৰ্ম নিৰ্বিশেষ সকলোৰে উৰ্দ্ধত যে মানৱ ধৰ্ম সেই উদাহৰণ দাঙি ধৰিছে এই ঘটনাই ৷

লগতে পঢ়ক : চেন্নাইত আৱদ্ধ গোলাঘাটৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কাতৰ আহ্বান চৰকাৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.