ETV Bharat / state

যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰী কোভিড 19 পজিটিভ

author img

By

Published : Jun 24, 2020, 11:08 AM IST

যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড 19ৰ বীজাণু ৷ ইয়াৰ পিছতেই প্ৰশাসনে বাকীজাই,এন আৰ চি আৰু ভূমি অভিগ্ৰহণ আৰু অধিগ্ৰহণ বিভাগ তিনিটা কন্টেইনমেন্ট জ’ন ঘোষণা কৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে ৷

two employee of Jorhat DC office found COVID 19 positive
যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰী কোভিড 19 পজিটিভ

যোৰহাট,24 জুনঃ যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰী কোভিড 19 পজিটিভ বুলি উপায়ুক্তই নিশ্চিত কৰাৰ পিছতেই কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে কাৰ্যালয়টো ৷ এই বাতৰি বিয়পি পৰাৰ লগে লগে মঙলবাৰে নিশাই প্ৰশাসনে বাকীজাই,এন আৰ চি আৰু ভূমি অভিগ্ৰহণ আৰু অধিগ্ৰহণ বিভাগ তিনিটাও কন্টেইনমেন্ট জ’ন ঘোষণা কৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ৷

উল্লেখ্য যে,কৰ্মচাৰী দুগৰাকীৰ ভিতৰত এগৰাকী পজিভিট প্ৰমাণিত হোৱাৰ আগমূহুৰ্তলৈকে কাৰ্যালয়তে কৰ্মৰত হৈ আছিল ৷ আনাহতে,চতুৰ্থ বৰ্গৰ কাৰ্মচাৰী গৰাকীৰ বাবে এতিয়া যোৰহাট চহৰত গণ সংক্ৰমণৰ আশংকাও বৃদ্ধি পাইছে ৷ যাৰ বাবে যোৰহাট জিলা প্ৰশাসনে জনসাধাৰণক সাৱধান কৰি দিছে ৷ কিন্তু ইয়াৰ পিছতো যেন পৰিস্থিতিৰ ভয়াৱহতাৰ ওপৰত কোনো গুৰুত্ব আৰোপ কৰা নাই চৰখনৰ একাংশ লোকে ৷ বুধবাৰে পুৱাৰ ভাগতে যোৰহাটৰ নিউভিল ৰোডৰ দৈনিক পাচলি বজাৰত পৰিলক্ষিত হয় ব্যাপক ভিৰ ৷ আনহাতে লোকসকলে সামাজিক দুৰত্বও মানি নচলা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল ৷

লগতে পঢ়ক-নাৰায়ণপুৰৰ তিনিজনৰ দেহত কোভিড-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.