ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ দেহত কৰ’ণা ভাইৰাছ - Surgery Department JMCH

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালতো দুগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ ইতিমধ্যে কণ্টেইনমেণ্ট জ’নলৈ ৰূপান্তৰিত হোৱা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ গাৰ্লছ হোষ্টেলৰ লগতে বন্ধ কৰি দিয়া হৈছে শল্য আৰু এনাস্থেছিয়া বিভাগৰ সকলো কাম-কাজ ৷

two doctor tested Covid 19 positive from JMCH Jorhat assam etv bharat news
চিকিৎসকৰ দেহত কৰ’ণা ভাইৰাছ
author img

By

Published : Jul 8, 2020, 2:00 PM IST

যোৰহাট,8 জুলাই: কৰ’ণা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰতিখন জিলাত ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালতো দুগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ উল্লেখ্য যে,চিকিৎসা মহাবিদ্যালয়খনৰ শল্য বিভাগৰ এগৰাকী সহকাৰী অধ্যাপকৰ লগতে সদ্য প্ৰশিক্ষণ গ্ৰহণ কৰি থকা এগৰাকী চিকিৎসকৰ দেহত এই ভাইৰাছবিধৰ উপস্থিতিৰ কথা পোহৰলৈ আহে ৷ ইতিমধ্যে কণ্টেইনমেণ্ট জ’নলৈ ৰূপান্তৰিত হোৱা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ গাৰ্লছ হোষ্টেলৰ লগতে বন্ধ কৰি দিয়া হৈছে শল্য আৰু এনাস্থেছিয়া বিভাগৰ সকলো কাম-কাজ ৷

চিকিৎসকৰ দেহত কৰ’ণা ভাইৰাছ

আনহাতে,চিকিৎসক দুগৰাকীৰ সংস্পৰ্শলৈ অহা শতাধিক চিকিৎসক,নাৰ্চ আৰু চিকিৎসাকৰ্মীক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷ বিগত কিছুদিন পূৰ্বে স্বাৱ পৰীক্ষা সম্পন্ন কৰা হৈছিল কোভিড 19 ত আক্ৰান্ত এগৰাকী চিকিৎসকৰ ৷ উক্ত পৰীক্ষাৰ পিছতো শল্য বিভাগৰ চিকিৎসকগৰাকী নিয়মীয়াকৈ হাস্পতালখনলৈ অহাৰ লগতে সোমবাৰে সমাপন কৰিছিল এক অস্ত্রোপচাৰ ৷ সম্প্ৰতি এই সন্দৰ্ভত যোৰহাট জিলা উপায়ুক্তই উচিত তদন্তৰ দাবী কৰিছে ৷ বুধবাৰৰ দিনটোলৈকে জিলাখনত নতুনকৈ 8 গৰাকী লোকৰ দেহত ধৰা পৰিছে Covid-19 ৰ উপস্থিতি ৷ আক্ৰান্ত ব্যক্তিসকলৰ 7 গৰাকীৰে নাই কোনো ভ্ৰমণ ইতিহাস ৷ বৰ্তমানলৈকে ৰাজ্যত 13,336 গৰাকী ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে 8,329 গৰাকী ব্য়ক্তিয়ে আৰোগ্য লাভ কৰিছে ৷

লগতে চাওকঃ চিৰাঙত সহস্ৰাধিক লোকৰ বিপিএফত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.