ETV Bharat / state

যোৰহাটত লক্​ ডাউনকলৈ কঠোৰ জিলা প্ৰশাসন - যোৰহাটত লক্​ ডাউনকলৈ কঠোৰ জিলা প্ৰশাসন

কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন ৷ শুকুৰবাৰে পুৱাৰে পৰা সম্পূৰ্ণ চহৰখনত তহল দিয়ে আৰক্ষীৰ লগতে খোদ দণ্ডাধীশে । এই সময়ছোৱাত অনাহকত ঘুৰি ফুৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন। লক্​ ডাউনৰ সময়ছোৱাত বন্ধ হৈ পৰিছে চহৰখনৰ সকলো দোকান-পোহাৰৰ লগতে বাট-পথ ৷

Jorhat
যোৰহাটত লক্​ ডাউনকলৈ কঠোৰ জিলা প্ৰশাসন
author img

By

Published : Jun 27, 2020, 6:24 PM IST

যোৰহাট, 27 জুনঃ COVID 19 ৰ গণ সংক্ৰমণ ৰোধৰ বাবে যোৰহাট জিলাত দুদিনীয়া লক্​ ডাউনৰ নিৰ্দেশ জিলা দণ্ডাধীশৰ ৷ লগতে 27 জুন পৰা প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে জিলাখনৰ পৌৰসভা আৰু নগৰ সমিতিৰ এলেকাসমূহত সম্পূৰ্ণ লক্​ ডাউন ঘোষণা কৰে জিলা প্ৰশাসনে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন ৷ শুকুৰবাৰে পুৱাৰে পৰা সম্পূৰ্ণ চহৰখনত তহল দিয়ে আৰক্ষীৰ লগতে খোদ দণ্ডাধীশে । এই সময়ছোৱাত অনাহকত ঘুৰি ফুৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন। লক্​ ডাউনৰ সময়ছোৱাত বন্ধ হৈ পৰিছে চহৰখনৰ সকলো দোকান-পোহাৰৰ লগতে বাট-পথ ৷

যোৰহাটত লক্​ ডাউনকলৈ কঠোৰ জিলা প্ৰশাসন

লগতে পঢ়কঃ বান প্ৰলয়ঃ বিগত এমাহে জলবন্দী দধীয়া-লাইকাবাসী

আনহাতে শেহতীয়া পৰিস্থিতিটো একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে নামানে চৰকাৰী নিৰ্দেশ । চহৰখনত অৱস্থিত মুথুট ফাইনেন্স নামৰ প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকলক লক্​ ডাউনৰ মাজতে কৰ্মস্থলীলৈ আহিবলৈ নিৰ্দেশ দিয়াৰ ফলত লক্​ ডাউন অমান্য কৰি ঘৰৰ পৰা ওলাই আহিবলগীয়া হৈছে উক্ত প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰী ৷

উল্লেখ্য যে, পুনৰ নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই লক্​ ডাউনৰ সকলো নীতি-নিয়ম ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.