ETV Bharat / state

টীয়কৰ হাঁহচৰাত মালবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত - truck accident

প্ৰথম অৱস্থাত গাড়ীখনৰ চালকে গাড়ীখনত গেলামাল তথা খাদ্য সামগ্ৰী আছে বুলি জনাইছিল যদিও পৰৱৰ্ত্তী সময়ত বামুণপুখুৰী আৰক্ষী উপস্থিত হোৱাত উৰহি গছৰ ওৰ ওলাই পৰে । গাড়ীখনত খাদ্য সামগ্ৰীৰ নামত কম্বল, কাটা তাঁৰ,পলিথিন, ম'বিল, কাগজ প্লাই, লোৰ চিটকে ধৰি বিভিন্ন হাৰ্ডৱেৰ সামগ্ৰী উদ্ধাৰ হয়।

টীয়কৰ হাঁহচৰাত মালবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Mar 30, 2020, 11:59 PM IST

টীয়ক,30 মাৰ্চঃ যি সময়ত জৰুৰীকালীন সেৱাত জড়িতসকলৰ ব্যৱসায়ৰ বাবে প্ৰশাসনে নিৰ্দিষ্ট অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিছে আৰু সেই পাছ উলিয়াবলৈ গাঁৱৰ খাটিখোৱা ডেকাসকলে প্ৰশাসনৰ কাৰ্যালয়ে কাৰ্যালয়ে তাতবাটি কৰি ফুৰিব লগা হৈছে সেই সময়তে আজি সংঘটিত এক পথ দুৰ্ঘটনাই সকলোকে আচৰিত কৰি তুলিছে । জানিব পৰা মতে গুৱাহাটীৰ পৰা অৰুনাচল অভিমুখে আহি থকা AS-01-LC-6167 নম্বৰৰ এখন মালবাহী ট্ৰাক আজি বিয়লি টীয়কৰ হাঁহচৰা সমীপত ৩৭ নং ঘাই পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে । লগে লগে ওচৰৰ স্থানীয় ৰাইজ ওলাই আহে ।

টীয়কৰ হাঁহচৰাত মালবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

প্ৰথম অৱস্থাত গাড়ীখনৰ চালকে গাড়ীখনত গেলামাল তথা খাদ্য সামগ্ৰী আছে বুলি জনাইছিল যদিও পৰৱৰ্ত্তী সময়ত বামুণপুখুৰী আৰক্ষী উপস্থিত হোৱাত উৰহি গছৰ ওৰ ওলাই পৰে । গাড়ীখনত খাদ্য সামগ্ৰীৰ নামত কম্বল, কাটা তাঁৰ,পলিথিন, ম'বিল, কাগজ প্লাই, লোৰ চিটকে ধৰি বিভিন্ন হাৰ্ডৱেৰ সামগ্ৰী উদ্ধাৰ হয়।আৰক্ষীয়ে ইতিমধ্যে গাড়ীখন আৰু সামগ্ৰীসমূহ জব্দ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে ।

লক ডাউনৰ এই সময়ছোৱাত সুদুৰ গুৱাহাটীৰ পৰা কিদৰে হাৰ্ডৱেৰ সামগ্ৰীৰে ভৰপূৰ গাড়ীখন হাঁহচৰা পালেহি এতিয়া সেয়া লাখটকীয়া প্ৰশ্ন উদয় হৈছে সাধাৰণ জনতাৰ মনত । উল্লেখযোগ্য যে এই মালবাহী ট্ৰাকখন লক ডাউনৰ মাজত প্ৰশাসনৰ কোনো পৰিবহণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈয়ে আহিছে আৰু সামগ্ৰীখিনি দুৰ্গা গাৰ্গো ট্ৰেন্সপৰ্টৰ বুলি চালকজনে মন্তব্য কৰিছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.