ETV Bharat / state

মৰিয়নীত প্ৰয়াত তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত তথা তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ পৰিভ্ৰমণ কৰা শান্তি সদ্ভাৱনা যাত্ৰা দেওবাৰে মৰিয়নীত উপস্থিত হয় ৷ ইয়াৰ পিছতেই মৰিয়নীবাসী ৰাইজে তেখেতৰ চিতাভষ্মত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

As_jrt_former_cm_tarun_gogoi_tribute_vis_AS10039
মৰিয়নীত সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
author img

By

Published : Dec 14, 2020, 12:19 PM IST

যোৰহাট,14 ডিচেম্বৰঃ মৰিয়নীত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৷ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু মৰিয়নি সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ উদ্যোগত মৰিয়নী মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ৷ সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্মৃতিত তথা তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ পৰিভ্ৰমণ কৰা শান্তি সদ্ভাৱনা যাত্ৰা দেওবাৰে মৰিয়নীত উপস্থিত হয় ৷

মৰিয়নীত সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

তৰুণ গগৈৰ চিতাভষ্ম মৰিয়নীত উপস্থিত হোৱাৰ পিছতেই মৰিয়নীবাসী ৰাইজৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু জাতীয় সংগঠনে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাণী নৰহকে আদি কৰি কেইবগৰাকীয়ো কংগ্ৰেছ কৰ্মী ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে তেখেতৰ চিতাভষ্ম ভোগদৈ নৈত বিসৰ্জন দিয়া হয় ৷

লগতে পঢ়ক-ৰাইজক অন্ধকাৰত ৰাখি কোনো কাম নকৰো: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.