ETV Bharat / state

প্ৰয়াত তৰুণ গগৈৰ অবৰ্তমানত কাক ভোট দিব তিতাবৰবাসীয়ে ? - titabor

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে শাসক বিৰোধী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰাজনৈতিক দল সমূহে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে তিতাবৰ সমষ্টিত সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷

titabor-ranjit-kumar-das-programme
প্ৰয়াত তৰুণ গগৈৰ অবৰ্তমানত কাক ভোট দিব তিতাবৰবাসীয়ে ?
author img

By

Published : Jan 10, 2021, 7:14 PM IST

তিতাবৰ, 10 জানুৱাৰী : দেওবাৰে তিতাবৰ বিধানসভা সমষ্টিত উপস্থিত হয় অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাস । তিতাবৰত উপস্থিত হৈ বৰহোলা কলাকুঞ্জ ভৱন প্ৰাংগণত এখন দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰে ৰঞ্জিত দাসে। সভাত মিত্ৰ দল অগপৰ কৰ্মী, সমৰ্থকৰ লগতে বহু হাজাৰ দলীয় কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত আগন্তুক নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক প্ৰয়াত তৰুণ গগৈৰ অবৰ্তমানত এইবাৰ তিতাবৰীয়া ৰাইজে ৰাইজৰ উন্নয়ন সাধনত জড়িত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক ভোট দিব বুলি উল্লেখ কৰে দাসে ৷

প্ৰয়াত তৰুণ গগৈৰ অবৰ্তমানত কাক ভোট দিব তিতাবৰবাসীয়ে ?

তদুপৰি আগন্তুক নিৰ্বাচনত বিজেপিয়ে অসমৰ ১০৩ খন আসন নিজাববীয়াকৈ নিশ্চিতভাৱে লাভ কৰিব বুলিও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: মধ্য়প্ৰদেশত ধৰ্মান্তৰকৰণ বিৰোধী নতুন আইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.