যোৰহাট, 24 নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে তিতাবৰবাসী ৰাইজে ৷ তেখেতৰ মৃত্যুত মঙলবাৰে স্থানীয় বন্ধ ঘোষণা কৰে চেম্বাৰছ অব কমাৰ্চ আৰু তিতাবৰ ব্যৱসায়ী সন্থাই ৷ আনহাতে, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ তিতাবৰলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে অনাৰ বাবে অনুৰোধ জনায় তিতাবৰ ব্লক কংগ্ৰেছ কমিটি ,তিতাবৰ জিলা ক্ৰীড়া সন্থা,তিতাবৰ চেম্বাৰছ অফ কমাৰ্চ আৰু তিতাবৰ ব্যৱসায়ী সন্থাই ৷
উল্লেখ্য যে, সোমবাৰে বিয়লি 5.34 বজাত অলেখ গুণমুগ্ধক শোক সাগৰত পেলাই ইহ সংসাৰ ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগ তথা ক’ভিড 19 ৰ দ্বাৰা আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা গগৈয়ে কিছুদিনৰ পূৰ্বে ঘৰলৈ উভতিছিল যদিয়ো এক নৱেম্বৰৰ নিশা পুনৰ অসুস্থ হোৱাত গগৈক জিএমচিএইচৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল ৷
লগতে পঢ়ক-বৰজুলিত উত্তপ্ত পৰিস্থিতি: পথ অৱৰোধ