মৰিয়নী,27 মেঃ দিহিং পাটকাইত চৰকাৰে দিয়া কয়লাৰ মুক্ত খননৰ অনুমতিৰ প্ৰতিবাদ তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ । মঙলবাৰে মৰিয়নীৰ গিবন অভয়াৰণ্যৰ কাষেদি যোৱা ধোদৰ আলিত দিহিং পাটকাইক সুৰক্ষা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছত্ৰ সন্থাই । হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ সদস্যসকলে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সাংগঠনিক সম্পাদক জুল খাউণ্ড, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ,চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰাজ বাঢ়ৈ বৰা, তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰা, সাধাৰণ সম্পাদক মাধুৰ্য পাঠক,যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈ, ক্ৰীড়া সম্পাদক দ্বীপ দত্ত, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডেভিদ হাজৰিকা, আটছা যোৰহাট জিলা সমিতিৰ উপ সভাপতি ভাইজান ৰবিদাস, ৰেঙনী এটি আশাৰ সঞ্চলাক বিজু কুমাৰ শমা ,নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পঞ্চানন দুৱৰা ।
লগতে পঢ়ক- প্ৰতি ঘণ্টাত ৫ ছেন্টিমিটাৰকৈ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলস্তৰ