ETV Bharat / state

Gunotsav 2022: টীয়কৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ - তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

ৰাজ্যৰ ভিন্ন প্ৰান্তত বুধবাৰৰ পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav in Assam 2022) । সমান্তৰালকৈ প্ৰতিকূল বতৰকো নেওচি যোৰহাট জিলাতো অনুষ্ঠিত কৰা হ'ল তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৷ টীয়কৰ বৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে শিক্ষক, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ ব্যস্ততা ৷

third-phase-of-gunotsav-held-at-primary-schools-at-teok-in-jorhat
Gunotsav 2022: টীয়কৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ
author img

By

Published : Jun 1, 2022, 10:56 PM IST

টীয়ক, 1 জুন : বুধবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav in Assam 2022) । গুণোৎসৱৰ বাবে সকলো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সমূহৰ শিক্ষক, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰিছে ।

আনহাতে, যোৰহাট জিলাতো আৰম্ভ হৈছে তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ(Gunotsav 2022 at Jorhat)৷ প্ৰতিকূল বতৰকো নেওচি যোৰহাট জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত অনুষ্ঠিত কৰা হ'ল তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ ৷ জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক, ছাত্ৰ-ছাত্ৰী এতিয়া ব্যস্ত গুণোৎসৱক লৈ । ব্যতিক্ৰম নহয় টীয়কতো ৷

Gunotsav 2022: টীয়কৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

টীয়কৰ পূব যোৰহাট শিক্ষা খণ্ডৰ অধীনস্থ ৰবিগাঁৱৰ বৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ প্ৰথম দিনটোত পুৱা ছাত্ৰ-ছাত্ৰী আৰু মাতৃগোটৰ সহযোগত বিদ্যালয়ৰ চৌহদ চাফাই কৰাৰ পাছতেই নিদিষ্ট সময়ত প্ৰাতঃসভা আৰম্ভ কৰে । প্ৰাতঃসভাতে অভিবাদন, স্থিতি, হস্তান্তৰ, আসন, ধ্যান প্ৰাৰ্থনা, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনকে আদি কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় । ইয়াৰ পিচতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দক্ষতাৰ স্ব-মূল্যায়ন কৰে শিক্ষকসকলে ।

উল্লেখযোগ্য যে, স্ব-মূল্যায়নৰ পাছতে বিদ্যালয়ৰ সামগ্ৰিক মূল্যায়নৰো ব্যৱস্থা কৰা হয় । উক্ত প্ৰতিটো কাৰ্যসূচীত বিদ্যালয়ৰ শিক্ষক পৰিচালনা সমিতিৰ সভাপতিকে ধৰি সদস্যসকল,মাতৃ গোটৰ সদস্যাৰ লগতে অঞ্চলৰ বহুসংখ্যক সচেতন ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

অতিকৈ ভিতৰুৱা টীয়কৰ প্ৰাথমিক বিদ্যালখন ২০১৭ বৰ্ষৰ গুণোৎসৱৰ প্ৰথম বৰ্ষত ৯৮.৯৯ শতাংশ লাভ কৰি জিলাৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : ফলে-ফুলে জাতিষ্কাৰ ৰাজ্যৰ এখন ব্যতিক্ৰমী বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.