ETV Bharat / state

মহামাৰীৰ সময়ত টীয়কৰ এফ আৰ ইউত নাই পৰ্যাপ্ত চিকিৎসক

author img

By

Published : May 21, 2021, 12:40 PM IST

আন আন ঠাইৰ দৰে টীয়কটো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ কিন্তু স্বাস্থ্য সেৱাৰ বাবে চিন্তিত হৈ পৰিছে টীয়কবাসী ৷ কাৰণ বৃহত্তৰ টীয়কৰ গ্ৰাম্য স্বাস্থ্য সেৱাৰ অন্যতম কেন্দ্ৰ এফ.আৰ.ইউখনতেই নাই পৰ্যাপ্ত চিকিৎসক ৷

there are not enough doctors in the FRU of during the epidemic
মহামাৰীৰ সময়তো টীয়কৰ এফ.আৰ.ইউত নাই পৰ্যাপ্ত চিকিৎসক

টীয়ক, 21 মে': ৰাজ্যৰ নগৰ অঞ্চলৰ সমান্তৰালভাৱে গ্ৰাম্যাঞ্চল আৰু চাহ বাগিছা সমূহটো ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ ৷ দৈনিক প্ৰান্তে প্ৰান্তে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ তেনে সময়তে গ্ৰাম্যাঞ্চলসমূহত অতি আৱশ্যক হৈ পৰিছে স্বাস্থ্য সেৱা ৷

আন আন ঠাইৰ দৰে টীয়কটো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ কিন্তু স্বাস্থ্য সেৱাৰ বাবে চিন্তিত হৈ পৰিছে টীয়কবাসী ৷ কাৰণ টীয়ক এফ আৰ ইউ খনেই হ’ল বৃহত্তৰ টীয়কৰ গ্ৰাম্য স্বাস্থ্য সেৱাৰ অন্যতম কেন্দ্ৰ ৷ শেহতীয়াভাৱে চিকিৎসালয়খনৰ দুৰ্বল আন্তঃগাঁঠনি,পৰ্যাপ্ত চিকিৎসকৰ অভাৱ পৰিলক্ষিত হৈছে ৷

বিগত চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নয়নৰ গান গাই আছিল যদিও টীয়ক এফ অৰ ইউৰ আন্তঃগাঁঠনিয়ে উদঙাইছে প্ৰকৃত ছবিখন ৷ এজাক বৰষুণ দিলেই পানীৰে উপচি পৰে চিকিৎসালয়খন ৷ ইফালে, ৰোগীৰ অনুপাতে পৰ্যাপ্ত চিকিৎসক নোহোৱাত বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰোগীসকল ৷

দুদিন পূৰ্বে চিকিৎসালয়খনত স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাই ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আন্তঃগাঁঠনি আৰু পৰ্যাপ্ত চিকিৎসক উপস্থিতিৰ ক্ষেত্ৰত খুব কম দিনৰ ভিতৰতে উপযুক্ত ব্যৱস্থা ল'ব বুলিও আশ্বাস দিয়ে ৷ কিন্তু এই মহামাৰীৰ সময়ত পৰ্যাপ্ত ক'ভিড প্ৰতিষেধকৰ অভাৱ হোৱাও দেখা গৈছে চিকিৎসালয়খনত ৷ যাৰ বাবে প্ৰায় এসপ্তাহ ধৰি বন্ধ হৈ আছে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ৷

লগতে পঢ়ক: কৃষকলৈ দুৰাৱস্থা মাতিছে ক’ভিডৰ নতুন নিৰ্দেশনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.