ETV Bharat / state

আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছাৰ অৱস্থান ধৰ্মঘট - ১৯৫১ শ্ৰমিক আইন

সদৌ অসম ছাত্ৰ সন্থা(আছা)অৱস্থান ধৰ্মঘট কাৰ্যসূচী । ৰাজ্যখনত বসবাস কৰি অহা বৃহৎ আদিবাসী লোক সকলে স্বাধীনোত্তৰ কালৰ মাথো শোষণ আৰু বঞ্চনা হৈ আহিছে ৷

the-strike-is-aimed-at-resolving-various-issues-of-the-tribals
আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছাৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Dec 7, 2020, 5:59 PM IST

যোৰহাট,7 ডিচেম্বৰ : স্বাধীনোত্তৰ কালৰ মাথো শোষণ আৰু বঞ্চনা হৈ আহিছে ৰাজ্যখনত বসবাস কৰি অহা বৃহৎ আদিবাসী লোক সকল ৷ একমাত্ৰ ভোট বেংকৰ বাবে ব্যৱহাৰ হৈ আহিছে এইসকল লোক। কি কংগ্ৰেছ কি বিজেপি চৰকাৰ সকলোৱে বৃহত্তৰ আদিবাসী লোক সকলক ব্যৱহাৰ কৰি আহিছে ।

the-strike-is-aimed-at-resolving-various-issues-of-the-tribals
আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছাৰ অৱস্থান ধৰ্মঘট

বিভিন্ন সমস্যাৰে জৰ্জৰিত এই আদিবাসী সকলে বিভিন্ন সময়ত নাৰ্য্য প্ৰাপ্তিৰ দাবীত মাথো প্ৰতিবাদৰ সন্মূখীন হোৱা দেখা গৈছে ৷ সোমবাৰে যোৰহাটৰ চিনামৰা আঞ্চলিক সমিতিৰ উদ্যোগত চিনামৰা তিনিআলিত বিভিন্ন সমস্যা সমাধানৰ দাবীত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷ আদিবাসী সকলক অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, বাগিছা আৰু গ্ৰাম্য অঞ্চলত চলি থকা চুলাই মদৰ প্ৰচলন ৰোধ কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা, অসম বাগিছা সমুহত ১৯৫১ শ্ৰমিক আইন প্ৰণয়ন কৰা আদিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে নিৰ্বাচনৰ পূৰ্বে যদি এই দাবী সমুহ পূৰণ নকৰে তেনেহলে আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ আছাৰ ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে : হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.