টীয়ক,11অক্টোবৰঃ টীয়কৰ মুদৈজান ৰজাবাৰী বেচিক প্ৰাথমিক বিদ্যালয়ৰ কাষতে থকা অংগনবাড়ী কেন্দ্ৰত চুৰি কাণ্ড ৷ নিশা আন্ধাৰৰ সুযোগ লৈ তলা খুলি থকা অৱস্থাতে স্থানীয় লোকে প্ৰত্যক্ষ কৰি অঞ্চলটোৰে হৰেণ নেওগ নামৰ এজন ব্যক্তিক হাতে লুটে ধৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীক চমজাই দিয়ে ব্যক্তি জনক।
জানিব পৰা মতে উক্ত কেন্দ্ৰটোৰে এগৰাকী অংগনবাড়ী কৰ্মীৰ স্বামী ধৃত ব্যক্তিজন। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ধৃত নেওগে পত্নীৰ অজ্ঞাতে এনে দুষ্কাৰ্য চলাই আহিছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে।
লগতে পঢ়কঃ অক্ষয় টেলি কমিউনিকেচনত চিআইডিৰ হাতোৰা