ETV Bharat / state

লক ডাউনৰ পৰা ৰেহাই চাহ বাগিছাঃ টিয়কত প্ৰতিক্ৰিয়া

author img

By

Published : Apr 5, 2020, 12:19 PM IST

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা চাহ বাগিচা মুকলিৰ ঘোষণাক কেন্দ্ৰ কৰি সৰ্বত্ৰে অব্যাহত প্ৰতিক্ৰিয়া ৷ দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত বিৰূপ প্ৰভাৱ পৰিছিল চাহ বাগিচাসমূহত ৷

Teok tea garden workers reaction
টীয়কত প্ৰতিক্ৰিয়া

টীয়ক,5 এপ্ৰিলঃ লক ডাউনৰ সময়ছোৱাত অসমৰ চাহ উদ্যোগত পৰা বিৰূপ প্ৰভাৱৰ বাবে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা শিথিলতাৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে আদিবাসী ছাত্র সন্থা ৷ বিগত তিনিদিনৰ ভিতৰত অসমত কৰ’ণা আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ এই সময়ত কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ ফলত চাহ অধ্যুষিত অঞ্চলসমূহত বসবাস কৰা চাহ শ্ৰমিক সকলৰ লগতে জনসাধাৰণে আশংকা প্ৰকাশ কৰিছে ।

টীয়কত প্ৰতিক্ৰিয়া

লক ডাউনৰ সময়ত চৰকাৰী নিৰ্দেশনা মানি ঘৰতে আৱদ্ধ থকা চাহ শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলা কেন্দ্ৰীয় চৰকাৰে বৃহৎ চাহগোষ্ঠীৰ ওচৰত আঁঠু লোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে উদ্ভৱ হ'ব পৰা যিকোনো ঘটনাৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি স্পষ্ট কৰি দিয়ে আদিবাসী ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা ৰাজেশ ৰবিদাসে । ইপিনে,চৰকাৰে দিন-হাজিৰা কৰা ব্যক্তিসকলৰ বাবে যোগান ধৰা চাউলৰ বাবে ধন্যবাদ জনোৱাৰ লগতে অত্য়াৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাইছে সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা গৰাকীয়ে ৷

লগতে চাওকঃ কৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.