ETV Bharat / state

যোৰহাটত আজিও মুকলি নহ'ল উপ স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Oct 6, 2020, 1:19 PM IST

যোৰহাট জিলাৰ টীয়কৰ কাৱৈমাৰীত ২০০২ চনত নিৰ্মাণ কৰা উপ-স্বাস্থ্য কেন্দ্ৰটো আজিও নহ'ল মুকলি ৷ মুকলি পূৰ্বে জহি-খহি যাবলৈ ধৰিছে কেন্দ্ৰটো ৷ কেন্দ্ৰটো মুকলি নোহোৱাৰ বাবে দীৰ্ঘদিনে সমস্যাত ভুগি আছে স্থানীয় ৰাইজে ৷

Teouk sub health center
যোৰহাটত আজিও মুকলি নহ'ল উপ স্বাস্থ্য কেন্দ্ৰ

যোৰহাট,6 অক্টোবৰ: যি সময়ত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগে উন্নয়নৰ ঢাক-ঢোল বজাইছে সেই সময়তে বিভাগটোৰ অন্য এক ছবি পোহৰলৈ আহিছে টীয়কত ৷ যোৰহাট জিলাৰ টীয়কৰ কাৱৈমাৰীত ২০০২ চনতে স্থাপন কৰা উপ স্বাস্থ্য কেন্দ্ৰটো বৰ্তমানেও মুকলি নহ'ল ৰাইজৰ বাবে ৷ মুকলি কৰাৰ পূৰ্বেই স্বাস্থ্যকেন্দ্ৰটো ক্ৰমাৎ জহি খহি যাবলৈ ধৰিছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কেন্দ্ৰটো মেৰামতি কৰিয়ে দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷ এই বিষয়ক লৈ বিগত সময়ত বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে প্ৰতিবাদ তথা দাবী জনাই অহাৰ পাছতো বানপীড়িতৰ কাষত উপস্থিত হোৱা নাই কোনো জনপ্ৰতিনিধি ৷ স্থানীয় ৰাইজৰ দাবী অঞ্চলবাসীৰ সুবিধাৰ্থে অতি শীঘ্ৰে কেন্দ্ৰটো যেন মুকলি কৰি দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷

অন্য এক খবৰৰ বাবে: মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে মৰিগাঁৱত সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.