ETV Bharat / state

টীয়কৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ - ধুমুহা

ৰুষ্ট প্ৰকৃতি ৷ শুকুৰবাৰে নিশা অহা এজাক বতাহ-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে ৰাজ্যৰ কেইবাস্থানৰ লগতে টীয়কৰ বহুকেইটা অঞ্চল ৷

টীয়কৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ
author img

By

Published : Apr 27, 2019, 9:47 AM IST

টীয়ক,27এপ্ৰিল: শুকুৰবাৰে নিশা অহা ব’হাগৰ বৰদৈচিলাই তচনচ কৰিলে ৰাজ্যৰ বিভিন্ন অঞ্চল ৷ সমান্তৰালকৈ ধুমুহা আৰু বা-মাৰলিয়ে টীয়কৰ বলমা লাহন, বলমা পথাৰ, চাংমাই চুককে ধৰি বিভিন্ন স্থানত কেইবাটাও ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে । কিছু অঞ্চলত ঘৰৰ টিনপাতৰ লগতে মূধচ উৰুৱাই নিয়াৰ ওপৰি অঞ্চলটোৰ কেইবা স্থানত প্ৰকাণ্ড গছ উভালি পৰে ৷ বিদ্যুৎ পৰিবাহী খুঁটাৰ লগতে উভলা গছে পথ আৱদ্ধ কৰে ৷ ইপিনে টিনপাতৰ আঘাতত আঘাতপ্ৰাপ্ত হয় কেইবাজনো লোক ৷

ধুমুহাৰ তাণ্ডৱ

লগতে পঢ়ক- যোৰহাটত ধূলিৰ ধুমুহা

Intro:Body:টীয়কৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ/বহাগত বৰদৈচিলাই তচনচ কৰিলে বিস্তৰ অঞ্চল
TEOK:শুক্ৰবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহা আৰু বা-মাৰলিয়ে তচনচ কৰিলে টীয়কৰ বলমা লাহন গাঁও,বলমা পথাৰ, চাংমাই চুককে ধৰি বিভিন্ন স্থানত কেইবাটাও ঘৰ-দুৱাৰ । ধুমুহাৰ প্ৰাবল্য ইমানেই বেছি আছিল যে ঘৰৰ টিনপাতৰ লগতে মুধচ,চিলিংফেন গছৰ ওপৰলৈ ওৰুৱাই নিয়াৰ উপৰি অঞ্চলটোৰ কেইবা স্হানত প্ৰকাণ্ড গছ ওভালি বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত পৰাত তাঁৰ ছিগাৰ উপৰি খুঁটা ওভালি পৰি পথ আৱদ্ধ হৈ আছে ।উল্লেখ্য যে তচনচ হোৱা এটা ঘৰত আৱদ্ধ হৈ পৰা এগৰাকী কনমানিক উদ্ধাৰ কৰিবলৈ গৈ টিনপাতৰ আঘাতত আঘাতপ্ৰাপ্ত হৈছে বাবুল বৰুৱা নামৰ এজন ব্যক্তি।আৰ্থিকভাৱে দুৰ্বল এইসকল ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা।বহু পৰিমাণৰ ধান,চাউল কল আমকে ধৰি শস্য তথা আচবাক নষ্ট হোৱা পৰিলক্ষিত হৈছে।ধুমুহাত বিস্তৰ ক্ষতি সাধন হোৱা এই দৰিদ্ৰ পৰিয়ালসমূহক অনতি পলমে চৰকাৰ তথা প্ৰশাসনে ঘৰসমূহ মেৰামতি কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.