ETV Bharat / state

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত টীয়কৰ মাষ্টাৰ এঞ্জেলৰ দেশপ্ৰেমমূলক গীত মুকলি

চাহজনগোষ্ঠীৰ জনপ্ৰিয় কন্ঠশিল্পী ধৰম তাঁতীয়ে মুকলি কৰা এই গীতটিৰ কথা সুৰ নবজ্যোতি গায়নৰ, সংগীত পল্লৱ পৰশ আৰু বিদ্যুৎ ফুকনৰ ।

author img

By

Published : Jul 22, 2019, 4:49 PM IST

মাষ্টাৰ এঞ্জেলৰ দেশপ্ৰেমমূলক গীত মুকলি

টীয়ক,22 জুলাইঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত টীয়কৰ মাষ্টাৰ এঞ্জেল নামৰ এজন প্ৰতিভাবান শিশু শিল্পীয়ে 'স্বদেশপ্ৰেম' নামাকৰণেৰে এটি দেশপ্ৰেমমূলক গীত মুকলি কৰে ৷ ষ্টুডিঅ' মে'ক মিউজিকত সোমবাৰে টীয়ক অঞ্চলৰ কেইবাজনো সংগীত অনুৰাগীৰ উপস্থিতত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই গীতটো ।

মাষ্টাৰ এঞ্জেলৰ দেশপ্ৰেমমূলক গীত মুকলি

চাহ জনগোষ্ঠীৰ জনপ্ৰিয় কন্ঠশিল্পী ধৰম তাঁতীয়ে মুকলি কৰা এই গীতটিৰ কথা সুৰ নবজ্যোতি গায়নৰ, সংগীত পল্লৱ পৰশ আৰু বিদ্যুৎ ফুকনৰ । গীতটিৰ শব্দ মিশ্ৰণ কৰিছে মে'ক মিউজিকৰ স্বত্বাধিকাৰী নয়ণমণিয়ে । উল্লেখযোগ্য যে, এঞ্জেলৰ পৰিয়ালৰ আৰ্থিক দৈনতাৰ বাবে গীতটি বাণীবন্ধন কৰাৰ ক্ষেত্ৰত যথেষ্ট সময় লাগিছিল । তৎসত্ত্বেও পুত্ৰৰ প্ৰতিভা তথা আশা পূৰণৰ বাবে অৱশেষত অশেষ কষ্টেৰে কেইবাজনো বিশেষ ব্যক্তিৰ সহায়ত গীতটি বাণীবন্ধন কৰি মুকলি কৰাত সকলো শুভাকাংক্ষীয়ে এঞ্জেলক শুভেচ্ছা জনোৱাৰ লগতে কেঁচা মাটিৰ গোন্ধেৰে সংগীতৰ জগতত খোজ পেলোৱা মাত্ৰ ১১ বছৰীয়া শিশু শিল্পী এঞ্জেলৰ এই প্ৰচেষ্টাক শলাগ জনাইছে ।

Intro:Body:স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত টীয়কৰ মাষ্টাৰ এঞ্জেলৰ দেশপ্ৰেমমূলক গীত মুকলি
TEOK:যি সময়ত সংগীত জগতখনত বিভিন্ন বেপেৰুৱা সংগীতে ভৰি পৰিছে বুলি সঘনাই চৰ্চা হৈছে সেই সময়তে টীয়কৰ মাষ্টাৰ এঞ্জেল নামৰ এজন প্ৰতিভাবান শিশু শিল্পীৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত 'স্বদেশপ্ৰেম' নামাকৰণেৰে এটি দেশপ্ৰেমমূলক গীত টীয়কস্হিত ষ্টুডিঅ' মে'ক মিউজিকত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। টীয়ক অঞ্চলৰ কেইবাজনো সংগীত অনুৰাগীৰ উপস্থিতত
চাহজনগোষ্ঠীৰ জনপ্ৰিয় কন্ঠশিল্পী ধৰম তাঁতীয়ে মুকলি কৰা এই গীতটিৰ কথা সুৰ নবজ্যোতি গায়নৰ, সংগীত পল্লৱ পৰশ আৰু বিদ্যুৎ ফুকনৰ।গীতটিৰ শব্দ মিশ্ৰণ কৰিছে মে'ক মিউজিকৰ স্বত্বাধিকাৰী নয়ণমণিয়ে।উল্লেখযোগ্য যে এঞ্জেলৰ পৰিয়ালৰ আৰ্থিক দৈনতাৰ বাবে গীতটি বাণীবন্ধন কৰাৰ ক্ষেত্ৰত যথেষ্ট সময় লাগিছিল।তৎসত্তেও পুত্ৰৰ প্ৰতিভা তথা আশা পুৰণৰ বাবে অৱশেষত অশেষ কষ্টেৰে কেইবাজনো বিশেষ ব্যক্তিৰ সহায়ত গীতটি বাণীবন্ধন কৰি মুকলি কৰাত সকলো শুভাকাংক্ষীয়ে এঞ্জেলক শুভেচ্ছা জনোৱাৰ লগতে কেঁচা মাটিৰ গোন্ধেৰে সংগীতৰ জগতত খোজ পেলোৱা মাত্ৰ ১১ বছৰীয়া শিশু শিল্পী এঞ্জেলৰ এই প্ৰচেষ্টাক শলাগ জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.