ETV Bharat / state

টীয়কত শ্বহীদক স্মৰণ কৰিলে আছুৱে

টীয়কত শ্বহীদ দিৱস পালন । অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে সদৌ অসম ছাত্ৰ সন্থাই । শ্বহীদ পোৱাল দাসৰ সমাধিস্থলীত আজি আছুৰ শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ আৰু যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা আৰু পোৱাল দাসৰ পৰিয়ালৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । দেশৰ হকে প্ৰাণ আহুতি দিয়াৰ পিছতো শ্বহীদগৰাকীৰ সমাধিস্থলীৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সদিচ্ছা নহ'ল চৰকাৰৰ ।

টীয়কত শ্বহীদক স্মৰণ কৰিলে আছুৱে
টীয়কত শ্বহীদক স্মৰণ কৰিলে আছুৱে
author img

By

Published : Dec 10, 2020, 8:52 PM IST

টীয়ক, ১০ ডিচেম্বৰ : অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদ লৈ শ্ৰদ্ধা জনাই আজি যোৰহাটৰ টীয়কত পালন কৰা হৈছে শ্বহীদ দিৱস । শ্বহীদৰ ত্যাগক স্মৰণ কৰে আছুৰ শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ আৰু যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সদস্যসকলে । জাতিৰ স্বাৰ্থতে জীৱন উচৰ্গা কৰিছিল টীয়কৰ বনাইৰ পোৱাল দাসেও । আজি শ্বহীদ দিৱসৰ দিনা পোৱাল দাসৰ সমাধিস্থলীত ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ পোৱাল দাসৰ পৰিয়ালৰ লোকেও শ্ৰদ্ধা নিবেদন কৰে ।

সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰি শ্বহীদগৰাকীক সোঁৱৰে সকলোৱে । অসমৰ হকে মাত মাতি ১৯৮৩ চনত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল পোৱাল দাসে । আনহাতে, শ্বহীদ পোৱাল দাসৰ ত্যাগৰ প্ৰতি সন্মান জনাই আজিৰ পৰা ৫ বছৰৰ পূৰ্বে বিধায়িকৰ উন্নয়ন পুঁজিৰ পৰা সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে ধন আবণ্টন দিছিল । কিন্তু আজিকোপতি সমাধিক্ষেত্ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল ।

টীয়কত শ্বহীদক স্মৰণ কৰিলে আছুৱে

শ্বহীদগৰাকীৰ সমাধি ক্ষেত্ৰৰ নিৰ্মাণৰ বাবে আবণ্টিত পুঁজিৰে একাংশ স্বাৰ্থলোভী ঠিকাদাৰে পকেট গৰম কৰা অভিযোগ তোলাৰ লগতে তীব্ৰ সমালোচনা কৰে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই । যদি ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ জাতীয় শ্বহীদগৰাকীৰ মৃত্যু বাৰ্ষিকীৰ দিনাৰ ভিতৰত সমাধিক্ষেত্ৰৰ বাকী থকা কামসমূহ সম্পূৰ্ণ নকৰে, তেন্তে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি শ্বহীদ বেদীৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব সদৰি কৰে ।

লগতে পঢ়ক:টিটেনাছ প্লাছ টীকাকৰণ অভিযান সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনৰ আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.