ETV Bharat / state

মহিলাক অপব্য়ৱহাৰ মাইক্ৰ'ফাইনেন্সৰ এজেন্টৰ - খণ্ড যুদ্ধ

'ধাৰ মাৰিব নোৱাৰিলে সন্তান বিক্ৰী কৰি দিয়া',মাইক্ৰ'ফাইনেন্সৰ এজেন্টসকলৰ এনে ব্যৱহাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি টীয়কত প্ৰতিবাদ ৷

টীয়কত  প্ৰতিবাদ
টীয়কত প্ৰতিবাদ
author img

By

Published : Sep 15, 2020, 7:57 PM IST

টীয়ক,15 ছেপ্টেম্বৰ : দীৰ্ঘদিন ধৰি মাইক্ৰ'ফাইনেন্সৰ শোষণ কাৰ্যই ৰাইজক হাৰাশাস্তিৰ সৃষ্টি কৰি আহিছে ৷ দৰিদ্ৰ পৰিয়ালৰ লোকসকলক প্ৰথমে প্ৰয়োজনত লোন প্ৰদান কৰে যদিও বিভিন্ন সময়ত দুখীয়া লোকসকলক শোষণ কৰি অহা বুলি অভিযোগ উত্থাপিত হৈছে ৷ আনকি লোন লৈ 'ধাৰ মাৰিব নোৱাৰিলে সন্তান বিক্ৰী কৰি দিয়া' বুলি ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

মহিলাক অপব্য়ৱহাৰ মাইক্ৰ'ফাইনেন্সৰ এজেন্টৰ

বিভিন্ন মাইক্ৰ'ফাইনেন্সেকে ধৰি সকলো ক্ষুদ্ৰ ঋণ প্ৰদান কৰাৰ গোট সমূহৰ ওপৰত৷ মঙলবাৰে বিভিন্ন মাইক্ৰ'ফাইনেন্সেকে ধৰি সকলো ক্ষুদ্ৰ ঋণ চৰকাৰে মাফ কৰা,মাইক্ৰ'ফাইনেন্সৰ শোষণ অত্যাচাৰ বন্ধ কৰা,প্ৰচেচিং চাৰ্ভিচ টেস্ক ৰিচিভ আৰু ঋণদাতাসকলক অতি শীঘ্ৰেই ইঞ্চুৰেন্স পলিচি প্ৰদান কৰাৰ দাবীৰে টীয়কৰ বন্ধন গোটৰ কাৰ্যালয়ত সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি,সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি আৰু মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী সংগ্ৰামী মঞ্চৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰায় শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদত বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷ ইয়াৰ উপৰি এজেন্টসকলৰ ব্যৱহাৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদীসকলে লগতে এনেকুৱা বহিৰাগত ফাইনেন্স কোম্পানীবোৰক নাকি লগাবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰী সকলে । উল্লেখযোগ্য যে,প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়তেই বন্ধন গোটৰ দুই কৰ্মচাৰীৰে প্ৰতিবাদকাৰী সৈতে খণ্ড যুদ্ধত লিপ্ত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও পৰৱৰ্ত্তী সময়ত আৰক্ষীৰ উপস্থিতত সংগ্ৰামী ছাত্ৰ নেতা লক্ষ্মণ চাওৰাৰ সহযোগত সমগ্ৰ ঘটনাৰ মীমাংসা কৰা হয় ৷

লগতে পঢ়ক :শাওনৰ পথাৰৰ অনুৰূপ দৃশ্যৰে বোকাময় এটা পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.