টীয়ক, ৪ ডিচেম্বৰ: বিশেষভাৱে সক্ষম হোৱাৰ পিছতো শিক্ষিত ব্যক্তি ৰূপে সুন্দৰ ভৱিষ্যতৰ সপোন দেখা যোৰহাটৰ টীয়কৰ হৰেণ হাজৰিকা আৰু সোণমণি দাসলৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ 'প্ৰেৰণা বঁটা' । প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে আদৰ্শ হৈ পৰিছে হৰেণ আৰু সোণমণি । শাৰীৰিক বাধাকো নেওচি একাগ্ৰতাৰে অধ্যয়ন কৰি ২০২০ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল দুয়োগৰাকী শিক্ষাৰ্থী ।
বৃহস্পতিবাৰে বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যোৰহাট জিলাৰ উদ্যোগত ২০২০ বৰ্ষৰ 'প্ৰেৰণা বঁটা' প্ৰদান কৰা হয় বৰ্তমান টীয়কৰ তামুলীছিগা ঘনকান্ত বৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত হৰেণ হাজৰিকা আৰু মধ্য মাজুলী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত সোণমণি দাসক । অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে যোৰহাট জিলা বিদ্যালয় পৰিদৰ্শিকা ড০ শুভলক্ষ্মী ৰাজকুমাৰী ।
দিব্যাংগ শিক্ষাৰ্থীসকলক বিশেষভাৱে সেৱা আগবঢ়োৱা মাজুলীৰ পকাজৰা বালিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক উপেন নাথ আৰু আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰতাপ দাসকো প্ৰেৰণা বঁটা প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানতে আমতল মজলীয়া বিদ্যালয়ৰ দিব্যাংগ শিক্ষক ৰুবুল বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷