ETV Bharat / state

ভগা জুপুৰীতে দুৰ্বিসহ দিন কটাইছে টীয়কৰ মিস্ত্ৰী দাসৰ পৰিয়ালে - টীয়ক বিধানসভা সমষ্টি

টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকজান গাড়ুৱাল চুঙীৰ মিস্ত্ৰী দাস নামৰ ব্যক্তিজনে বহু আবেদন নিবেদনৰ অন্ততো আজি পৰ্যন্ত লাভ কৰা নাই এটা চৰকাৰী বাসগৃহ ৷ যাৰ ফলত থকাৰ অনুপযোগী এটা জৰাজীৰ্ণ ঘৰতে বসবাস কৰিবলগীয়া হৈছে পৰিয়ালটো ৷

Teok poor family
ভগা জুপুৰীতে দুৰ্বিসহ দিন কটাইছে টীয়কৰ মিস্ত্ৰী দাসৰ পৰিয়ালে
author img

By

Published : Mar 9, 2020, 9:38 AM IST

টীয়ক,9 মাৰ্চঃ "সবকে সাথ সবকা বিকাশ" শাসকীয় বিজেপি দলটোৰ মূলমন্ত্ৰ এইষাৰ ৷ কিন্তু কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনটো দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে বহু লোক ৷ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত বহু পৰিয়ালে কটাবলগীয়া হৈছে দৰ্বিসহ জীৱন ৷ এনে এক কৰুণ ছবি দেখিবলৈ পোৱা গৈছে টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকজান গাড়ুৱাল চুঙীত ৷ গাড়ুৱাল চুঙীৰ মিস্ত্ৰী দাস নামৰ ব্যক্তিজনে বহু আবেদন নিবেদনৰ অন্ততো আজি পৰ্যন্ত লাভ কৰা নাই এটা চৰকাৰী বাসগৃহ ৷ ফলত থকাৰ অনুপযোগী এটা জৰাজীৰ্ণ ঘৰতে বসবাস কৰিবলগীয়া হৈছে পৰিয়ালটো ৷ বাৰিষাৰ সময়ত সামান্য এজাক বৰষুণতে ফুটা টিনেৰে ঘৰৰ ভিতৰত পানী সোমাই নাজল নাথল অৱস্থা হয় পৰিয়ালটোৰ ।

ভগা জুপুৰীতে দুৰ্বিসহ দিন কটাইছে টীয়কৰ মিস্ত্ৰী দাসৰ পৰিয়ালে

কংগ্ৰেছ চৰকাৰৰ 15 বছৰীয়া শাসনৰ অন্ত পৰিল ৷ ইতিমধ্য়ে শাসকীয় বিজেপি চৰকাৰখনেও চতুৰ্থটো বৰ্ষত উপনীত হৈছে কিন্তু কোনো এখন চৰকাৰৰ প্ৰতিনিধিয়েও কাণসাৰ দিয়া নাই মিস্ত্ৰী দাসৰ পৰিয়ালৰ সমস্যাসমূহৰ প্ৰতি ৷ সভাই সমিতিয়ে উন্নয়নৰ শ্ল’গান গাই ফুৰা প্ৰতিটো শাসকীয় দলৰ দ্বাৰাই উপেক্ষিত ৰাজ্যৰ এনে বহু পৰিয়াল ৷ সেয়েহে আগন্তুক 2021 নিৰ্বাচনৰ পূৰ্বে মিস্ত্ৰী দাসৰ পৰিয়ালক এটা বাসপোযাগী গৃহ নিৰ্মান কৰি দিয়াৰ বাবে আহ্বান জনাইজে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-তেতেলীয়াত পথ দুৰ্ঘটনা, নিহত 1 আহত 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.