যোৰহাট,8 আগষ্টঃ "সবকে সাথ, সবকা বিকাশ"- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বিজেপিৰ তৃণমূলৰ কৰ্মীলৈকে সকলোৰে মুখে মুখে এই বহুল প্ৰচাৰিত বাণী শুনিবলৈ পোৱা যায় ৷ কিন্তু সঁচা অৰ্থত বিকাশ হৈছে নে প্ৰত্যেকৰে ? যোৰহাটৰ টীয়কৰ ৰজাবাৰীৰ জিতেন নেওগৰ ঘৰৰ অৱস্থাই এই শ্ল'গানৰ বিপৰীত এখন ছবিহে প্ৰতিফলন কৰিছে ৷ এক অস্বাস্থ্যকৰ পৰিৱেশত এটা জৰাজীৰ্ণ ঘৰত বাস কৰে জিতেন নেওগ আৰু তেওঁৰ পৰিয়ালে ৷
পঞ্চায়ত প্ৰতিনিধিৰ কাষত, বিধায়িকাৰ কাষত বহুবাৰ আবেদন নিবেদন কৰি নাপালে এটা চৰকাৰী আৱাস গৃহ । পকী ঘৰ থকা ব্যক্তিয়ে পকী ঘৰৰ কাষত নিৰ্মাণ কৰা কেঁচা ঘৰ দেখুৱাই চৰকাৰী আৱাস গৃহ লাভ কৰাৰো অভিযোগ উঠিছে ৷ ইফালে সঁচা অৰ্থত অভাৱী তথা এই আঁচনিৰ বাবে সম্পূৰ্ণ যোগ্য দৰিদ্ৰ পৰিয়ালে পোৱা নাই চৰকাৰী আৱাসগৃহ ৷ জনপ্ৰতিনিধি সকলৰ এনে কাৰ্যৰ বাবে এতিয়া যেন প্ৰহসনত পৰিণত হৈছে "সবকে সাথ সবকা বিকাশ" শ্ল'গান ৷