ETV Bharat / state

চিকিৎসকক প্ৰহাৰঃ টীয়কত ৰাজহুৱা সভা

author img

By

Published : Sep 2, 2019, 8:29 AM IST

দেওবাৰে টীয়কত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ৷ সভাখনত এচাম বৰ্বৰ লোকে ডাঃ দেবেন দত্তক নিৰ্মমভাবে হত্যা কৰা ঘটনা সম্পৰ্কত আলোচনা কৰাৰ লগতে এক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীও গ্ৰহণ কৰা হয় ৷

টীয়কত অনুষ্ঠিত ৰাজহুৱা সভা

টীয়ক,1ছেপ্তেম্বৰ : দেওবাৰে টীয়কত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ৷ সভাখনত এচাম বৰ্বৰ লোকে ডাঃ দেবেন দত্তক নিৰ্মমভাৱে হত্যা কৰা ঘটনা সম্পৰ্কত আলোচনা কৰে ৷ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত,যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ সহযোগত তথা বিভিন্ন দল সংগঠন তথা ৰাইজৰ উদ্যোগত জগদুৱাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সভাখন আয়োজন কৰা হয় ৷ য'ত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত ,আৰক্ষী অধীক্ষক, টীয়ক ৰাজহ চক্ৰ বিষয়া, টীয়ক চাহ বাগিছাৰ মেনেজাৰ আৰু কৰ্তৃপক্ষ,টীয়ক প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল সংগঠন। সভা সমাপ্ত হোৱাৰ পাছত টীয়ক বাণিজ্য সংস্থাৰ উদ্যোগত তথা সমূহ টীয়কবাসীয়ে মৃতকৰ আত্মাৰ সদগতি তথা দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত এক বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ৰাজপথত হাতে-হাতে মমবাতি লৈ এক মৌন সমদল কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

Intro:Body:টীয়কৰ বিভিন্ন স্হানত বৰ্বৰ ঘটনাক লৈ প্ৰতিবাদী কাৰ্যসূচী
TEOK:আজি জগদুৱাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত টীয়ক চাহ বাগিছাত সংঘটিত হোৱা বৰ্বৰ কাণ্ডৰ প্ৰতিবাদত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়।টীয়ক অঞ্চলৰ ভালেসংখ্যক দল সংগঠনৰ লগতে জগদুৱাৰ অঞ্চলৰ কেইবাজনো সচেতন ব্যক্তিৰ উপস্থিত উক্ত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত একেমুখে নিন্দা কৰি দোষীক কঠোৰ শাস্তি দিবলৈ ৰাজহুৱাভাৱে দাবী জনায়।এই ৰাজহুৱা সভাৰ সিদ্ধান্ত অনুসৰি কালি নিৰ্মমভাবে এচাম বৰ্বৰ লোকে ডাঃ দেবেন দত্তক হত্যা কৰা ঘটনাৰ সম্পৰ্কত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত,যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ সহযোগত তথা বিভিন্ন দল সংগঠন তথা ৰাইজৰ উদ্যোগত জগদুৱাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিয়লি ৩ বজাত এখনি শান্তি সভা আহ্বান কৰিছে য'ত উপস্থিত থাকিব যোৰহাট জিলাৰ উপায়ুক্ত মহোদয়া, আৰক্ষী অধীক্ষক, টীয়ক ৰাজহ চক্ৰ বিষয়া, টীয়ক চাহ বাগিছাৰ মেনেজাৰ আৰু কৰ্তৃপক্ষ, টীয়ক প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল সংগঠন।লগতে টীয়ক নগৰৰ মাজমজীয়াতো আজি সন্ধিয়া টীয়ক বাণিজ্য সন্হাৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত মৃতকৰ আত্মাৰ সদগতি তথা দোষীক কঠোৰতম শান্তি প্ৰদানৰ দাবীত এক বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু ৰাজ পথত হাতে হাতে মমবাতি লৈ এক মৌন সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.