টিয়ক, 23 এপ্ৰিল : কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ দেশৰ লগতে অসমতো পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্য চৰকাৰে কৰ’ণাৰ প্ৰতিৰোধৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ ইয়াৰ লগতে এই মহামাৰীৰ ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টীয়কৰ এগৰাকী সমাজকৰ্মী তুষাৰ পালে চেলেংহাট হেলথ ক্লাৱৰ উদ্যোগত তথা টীয়ক আৰক্ষী থানাৰ সহযোগত টীয়কৰ ব্যস্ত নগৰাঞ্চলত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰাৰ লগতে সকলোকে সজাগ ও সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ।
![টীয়কত কৰ’ণাক লৈ সজাগতা সৃষ্টিৰ লগতে জনসাধাৰণক মাস্ক বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11508429_image.png)
উল্লেখ্য যে, সমাজকৰ্মী গৰাকীৰ এনে পদক্ষেপক টীয়কৰ ৰাইজে লৈছে শলাগ ৷ তুষাৰ পালে মহামাৰী ভয়াৱহতাৰ ওপৰত পথাচাৰী, যাত্ৰী, বিভিন্ন ব্যৱসায়িক প্ৰতিস্থানত থকা ক্ৰেতা, বিক্ৰেতাক অৱগত কৰি সকলোকে অধিক সতৰ্কতাৰে কৰ’ণাৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোকে অনুৰোধ জনায় ।
লগতে পঢ়ক : বিশ্বনাথৰ বাঘমৰা দৈনিক বজাৰত ক’ভিডৰ নতুন নীতি উলংঘন একাংশৰ