ETV Bharat / state

থলুৱা গামোচাৰ ব্যৱহাৰ: আৰম্ভ নহ’ল টীয়কৰ তাঁত বয়ন প্ৰকল্প

author img

By

Published : Jul 11, 2021, 12:46 PM IST

কিমান ফলপ্ৰসূ হ’ব 'থলুৱা গামোচা ব্যৱহাৰ' ৰ অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত ? পৰিত্যক্ত অৱস্থাত টীয়কৰ এটা আধৰুৱা প্ৰকল্প ৷ অত্যাধুনিক তাঁতশাল আৰু প্ৰায় অৰ্ধ শতাধিক শিপিনীৰ বাবে থকা-খোৱাৰ সু-ব্যৱস্থা থকা প্ৰকল্পটো আজিপৰ্যন্ত আৰম্ভ নহ'ল ।

teok-handloom-project
এতিয়াও আৰম্ভ হোৱা নাই টীয়কৰ তাঁত বয়ন প্ৰকল্প

টীয়ক, 11 জুলাই : অসম চৰকাৰে গ্ৰহণ কৰিছে থলুৱা শিপিনীয়ে বোৱা গামোচা ব্যৱহাৰৰ সিদ্ধান্ত ৷ এই সিদ্ধান্তক আদৰণি জনাইছে অসমৰ ৰাইজে ৷ ৰাজ্য চৰকাৰৰ শেহতীয়াকৈ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় ৷

সকলো চৰকাৰী অনুষ্ঠান অসম সংগীতেৰে আৰম্ভ হ’ব আৰু ৰাষ্ট্ৰীয় সংগীতেৰে শেষ কৰা হ’ব ৷ সকলো চৰকাৰী অনুষ্ঠানত হাতে বোৱা গামোচা ব্যৱহাৰ কৰাৰ লগতে চৰকাৰী অনুষ্ঠানসমূহত অসমীয়া পৰম্পৰাগত চাহ-জলপান দিয়াৰ ব্যৱস্থা কৰা হ’ব । এই সিদ্ধান্ত কেবিনেটৰ ৷

কিন্তু কিমান ফলপ্ৰসূ হ’ব এই সিদ্ধান্ত ?

কিয়নো 2016 চনতে টীয়কৰ নপমূৱা গাঁৱত অসম চৰকাৰৰ অধীনত টাই আহোম উন্নয়ন পৰিষদে কোটি টকা ব্যয় সাপেক্ষে এক প্ৰকল্প স্থাপন কৰিছিল হস্ততাঁত বয়ন শিল্পৰ । য'ত 100 খনকৈ অত্যাধুনিক তাঁতশাল আৰু প্ৰায় অৰ্ধ শতাধিক শিপিনীৰ বাবে থকা-খোৱাৰ সু-ব্যৱস্থা কৰা হৈছিল ৷ কিন্তু আজি পৰ্যন্ত আৰম্ভ নহ'ল প্ৰকল্পটো ।

সেই সময়ৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্তই স্থানীয় বিধায়িকা তথা টাই আহোম উন্নয়ন পৰিষদৰ বৰমূৰীয়া কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত প্ৰকল্পটো উন্মোচন কৰিছিল ৷ যিটোৱে স্থানীয় শিপিনীসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াইছিল । গতিকে কেৱল সিদ্ধান্ততে সীমাবদ্ধ নাথাকি এই সকলো সা-সুবিধা সমৃদ্ধ প্ৰকল্পটো পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই ।

ইপিনে দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ থকাত বৰ্তমান প্ৰকল্পটোৰ গৃহসমূহ জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে ৷ টিনপাত, খিৰিকী, দৰ্জা, লাখটকীয়া জেনেৰেটৰ তথা আন্তঃগাঁথনি সকলো নষ্ট হৈ পৰিছে । উক্ত প্ৰকল্পটোৰ বাবে অঞ্চলটোৰ গাঁওবুঢ়াগৰাকীয়ে স্থানীয় শিপিনীসকলৰ সংস্থাপনৰ স্বাৰ্থত প্ৰায় ৩ বিঘা ভূমি দান কৰিছিল ৷ আজিকোপতি বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে ভূমিৰ খাজনা দি থাকিবলগীয়া হৈছে ব্যক্তিজনে ।

ভূমিদাতাৰ পৰিয়ালৰ এজন ব্যক্তিক প্ৰকল্পটো চোৱাচিতাৰ অৰ্থে কৰ্মসংস্থাপনৰ আশ্বাস দিছিল চৰকাৰে । কিন্তু সেয়াও আজি ফুটুকাৰ ফেনত পৰিণত হৈছে । সেয়ে উক্ত বিষয়টোত স্থানীয় বিধায়িকাগৰাকীক গুৰুত্ব আৰোপ কৰি সকলো সমস্যা মষিমূৰ কৰি প্ৰকল্পটো কাৰ্যক্ষম কৰি নিবনুৱাৰ সংস্থাপন তথা কেবিনেটৰ সিদ্ধান্ত দীৰ্ঘম্যাদী কৰি তুলিবলৈ আহ্বান জনাইছে ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: ৰেডিঅ’ শুনিবলৈ কিয় দৰকাৰ হৈছিল লাইচেঞ্চ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.