ETV Bharat / state

টীয়কৰ যুৱ ব্যৱসায়ীৰ উদ্যোগত বিতৰণ অসমীয়া জলপান - বিক্ৰমজিৎ ভূঞা

কৰ’ণা আতংকৰ বাবে ম্লান পৰিছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু ৷ সুৰক্ষাজনিত স্বাৰ্থত এইবছৰ বিহু পালনৰ পৰা বিৰত থাকিব অসমবাসী ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ এগৰাকী উদীয়মান যুৱ ব্যৱসায়ীয়ে গ্ৰহণ কৰে এক ব্যতিক্ৰমী সিদ্ধান্ত ৷

Teok jalpan distribution
যুৱ ব্যৱসায়ীৰ উদ্যোগত বিতৰণ অসমীয়া জলপান
author img

By

Published : Apr 12, 2020, 2:10 PM IST

টীয়ক,12 এপ্ৰিলঃ টীয়কৰ এগৰাকী যুৱ ব্যৱসায়ীৰ মহানুভৱতা । ৰঙালী বিহু পালনৰ পৰা বিৰত থকা স্বত্বেও উৰুকাৰ দিনা অৰ্থাৎ দেওবাৰে প্ৰায় 2500 পৰিয়ালৰ মাজত বিতৰণ কৰে অসমীয়া জলপান । কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা লক ডাউনৰ ফলত ৰঙালী বিহুৰ প্ৰতি পূৰ্বৰ উছাহ নাই ৰাজ্যবাসীৰ মনত ।

যুৱ ব্যৱসায়ীৰ উদ্যোগত বিতৰণ অসমীয়া জলপান

আনহাতে, টীয়কৰ ফুড ভিল্লা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বিক্ৰমজিৎ ভূঞাই বিহুৰ পৰম্পৰা ৰক্ষাৰ বাবে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহ যাতে সমস্যাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ কলিয়াপানী ব্লকৰ অধীনষ্ঠ 10 খন পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 2500 পৰিয়ালৰ বাবে ব্যৱস্থা কৰে জলপানৰ । একোটাকৈ জলপানৰ টোপোলা প্ৰস্তুত কৰি ফুড ভিল্লা পৰিয়ালৰ সদস্যসকলে ঘৰে ঘৰে বিতৰণ কৰে এই জলপান ৷

লগতে চাওকঃ 4মাহৰ অন্তত মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.