ETV Bharat / state

টীয়কত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ কৰ্মবিৰতি

author img

By

Published : Mar 1, 2021, 3:51 PM IST

দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত দুদিনীয়া কৰ্মবিৰতি ঘোষণা কৰিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সংস্থাই । এই কাৰ্যসূচীত অংশগ্ৰহণ টীয়ক আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত সকলো গৃহৰক্ষী জোৱানৰ ।

টীয়কত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ কৰ্মবিৰতি
টীয়কত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ কৰ্মবিৰতি

টীয়ক,১ মাৰ্চ: চাকৰি নিয়মীয়াকৰণ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে সমান কামৰ সমান দৰমহা প্ৰদান কৰাকে ধৰি কেইবাটাও দাবীত সোমবাৰৰ পৰা ৰাজ্যজুৰি কৰ্মবিৰতি ঘোষণা কৰিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সংস্থাই । টীয়কতো অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিলে সংস্থাটোৱে । ১ মাৰ্চৰ পুৱা ৬ বজাৰ পৰা ৩ মাৰ্চৰ পুৱা ৬ বজালৈকে অব্যাহত থাকিব এই প্ৰতিবাদী কাৰ্যসূচী । এই অসহযোগ আন্দোলনত টীয়ক আৰক্ষী থানা এলেকাৰ অন্তৰ্গত সকলো গৃহৰক্ষী জোৱানে অংশগ্ৰহণ কৰিছে ।

গৃহৰক্ষী বাহিনীৰ জোৱানসকলে তিনিটাকৈ মূল দাবীৰে কৰ্মবিৰতি ঘোষণা কৰিছে । চাকৰি নিয়মীয়াকৰণ কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে সমান কামৰ সমান দৰমহা প্ৰদান আৰু গৃহৰক্ষী জোৱানসকলৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডেপ্লয়মেন্ট ছিষ্টেম অনতি পলমে বন্ধ কৰাৰ দাবী জনাইছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সংস্থাই ।

দীৰ্ঘদিন ধৰি গৃহৰক্ষী জোৱানসকলে এই সমস্যাসমূহৰ সমাধান বিচাৰি চৰকাৰক আহ্বান জনাই আহিছে যদিও চৰকাৰে কাণসাৰ দিয়া নাই বুলি অভিযোগ তুলিছে গৃহৰক্ষী জোৱানসকলে । লগতে তেওঁলোকৰ দাবী পূৰণ কৰিবলৈও চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক:উন্নয়ন পিছত আগতে টিকট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.