টিয়ক, 1 ছেপ্তেম্বৰঃ শনিবাৰে টিয়কৰ চাহ বাগিচাত চিকিৎসকক গণপ্ৰহাৰ কৰা ঘটনাই সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে ৷ চাহ বাগিছাৰ কৰ্তৃপক্ষই অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰাত বাগিচাখন মৰিশালিলৈ পৰিণত হৈছে ৷ মৃত ডাঃ দেবেন দত্তৰ নশ্বৰ দেহ কালি নিশা মৰণোত্তৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিচত জগদুৱাৰৰ নিজ বাসগৃহ লৈ অনা হয় ৷ দেওবাৰে তেখেতক ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ দোষীক কঠোৰ শাস্তি বিহিবলৈ প্ৰশাসনক আহবান জনায় টীয়কৰ সচেতন সমাজ তথা দল সংগঠনে ৷ টীয়ক আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত ১৯ জনক আটক কৰিছে লগতে ঘটনাৰ তদন্তও অব্যাহত ৰাখিছে ৷
টিয়ক চাহ বাগিচাৰ চিকিৎসক ডা: দেবেন দত্তলৈ শেষ শ্ৰদ্ধাঞ্জলী - TEOK DOCTOR LYNCHING CASE
টিয়ক চাহ বাগিচাৰ চিকিৎসক ডা: দেবেন দত্তলৈ শেষ শ্ৰদ্ধাঞ্জলী৷ লগতে দোষীক কঠোৰ শাস্তি বিহিবলৈ প্ৰশাসনক আহ্বান টীয়কৰ সচেতন সমাজৰ ৷
টিয়ক, 1 ছেপ্তেম্বৰঃ শনিবাৰে টিয়কৰ চাহ বাগিচাত চিকিৎসকক গণপ্ৰহাৰ কৰা ঘটনাই সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে ৷ চাহ বাগিছাৰ কৰ্তৃপক্ষই অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰাত বাগিচাখন মৰিশালিলৈ পৰিণত হৈছে ৷ মৃত ডাঃ দেবেন দত্তৰ নশ্বৰ দেহ কালি নিশা মৰণোত্তৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিচত জগদুৱাৰৰ নিজ বাসগৃহ লৈ অনা হয় ৷ দেওবাৰে তেখেতক ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ দোষীক কঠোৰ শাস্তি বিহিবলৈ প্ৰশাসনক আহবান জনায় টীয়কৰ সচেতন সমাজ তথা দল সংগঠনে ৷ টীয়ক আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত ১৯ জনক আটক কৰিছে লগতে ঘটনাৰ তদন্তও অব্যাহত ৰাখিছে ৷
TEOK:কালি টীয়ক চাহ বাগিছাৰ চিকিৎসালয়ত যি মৰ্মান্তিক ঘটনা ঘটিছিল তাৰ পিছত যোৰহাট জিলা খনৰ লগতে সমগ্র অসমতে এক শোকৰ ছাঁ পৰা দেখা গৈছে।টীয়ক চাহ বাগিছাৰ কৰ্তৃপক্ষই অনিৰ্দিষ্ট দিনলৈ বন্ধ ঘোষণা কৰাত বাগিচাখন মৰিশালীত পৰিণত হৈছে আৰু নিস্তদ্ধতাই বিৰাজ কৰিছে।মৃত ডা: দেবেন দত্তৰ কালি নিশা মৰোন্তৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছত জগদুৱাৰৰ নিজ বাসগৃহ লৈ অনা হয় আৰু আজি ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ প্ৰশাসনক আহবান জনাই টীয়কৰ সচেতন সমাজ তথা দল সংগঠনে।টীয়ক আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত ১৯ জনক আটক কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।Conclusion:
TAGGED:
TEOK DOCTOR LYNCHING CASE