ETV Bharat / state

ভক্তৰ বাবে মুকলি ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ - যোৰহাট

8 জুনৰ পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে ৰাজ্যৰ সকলো ধৰ্মীয় অনুষ্ঠান ৷ চৰকাৰী নীতি-নিৰ্দেশনা মানি এই ধৰ্মীয় অনুষ্ঠানসমূহ সাধাৰণ দৰ্শক তথা ভক্তৰ বাবে মুকলি কৰিছে অনুষ্ঠান পৰিচালনা কৰ্তৃপক্ষই ৷ লগতে সুৰক্ষাজনিত কাৰণত সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰতিটো অনুষ্ঠানে ৷ একেদৰে সোমবাৰৰ পৰা মুকলি হৈছে যোৰহাটৰ ঢেকীয়াখোৱা বৰ নামঘৰৰ দুৱাৰ ৷

Teok dhekiakhua bornamghar open from 8th june jorhat assam etv bharat news
মুকলি ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ
author img

By

Published : Jun 8, 2020, 1:52 PM IST

টীয়ক,8 জুন: কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে দীৰ্ঘদিনে বন্ধ হৈ থকা ৰাজ্যৰ সকলো ধৰ্মীয় অনুষ্ঠান 8 জুনৰ পৰা খোলাৰ নিৰ্দেশ জাৰি কৰিছিল চৰকাৰে ৷ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে বিগত ৭৫ দিনে অন্যান্য মঠ-মন্দিৰৰ দৰে সাধাৰণ ভক্তৰ বাবে বন্ধ আছিল যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ ৷ কিন্তু সোমবাৰৰ পৰা পুনৰ চৰকাৰে ঘোষণা কৰা নীতি-নিয়ম মানি মঠ-মন্দিৰসমূহ খোলাৰ নিৰ্দেশ জাৰি কৰাত সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ ৷

মুকলি ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ

ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে ভক্তক আদৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে নামঘৰৰ প্ৰৱেশ পথৰ সন্মুখত দৰ্শনাৰ্থীসকলৰ বাবে হাত-ভৰি ধোৱাৰ লগতে হেণ্ড চেনিটাইজাৰৰ ব্যৱস্থা কৰাৰ উপৰিও প্ৰৱেশ দুৱাৰৰ সন্মুখত ডিভাইডাৰৰ ব্যৱস্থা কৰিছে ৷ ইফালে, দেওবাৰে সমগ্র বৰ নামঘৰ চৌহদ চেনিটাইজেছনৰ ব্যৱস্থা কৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সদৌ অসম মুছলিম যুৱ সন্থাই ৷ তদুপৰি চৰকাৰৰ নিৰ্দেশ অনুযায়ী ভক্তৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই ৷

লগতে চাওকঃ আৰ্থিক দীনতাৰ মাজতো উজলিল জামুগুৰিহাটৰ নিলাক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.