ETV Bharat / state

ঢেকীয়াখোৱা বৰনামঘৰ কাণ্ডত অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

শুকুৰবাৰে নিশা যোৰহাটস্থিত ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিগছি নুমাই যোৱা বুলি উৰা বাতৰি প্ৰচাৰ কৰা শিৱসাগৰৰ ভাটি বনগাঁৱৰ প্ৰহ্লাদ দাসক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ সন্ধিয়া নামঘৰৰ বন্তিগছি নুমাই যোৱাৰ বাবে সকলোকে বন্তি জ্বলাবলৈ আহ্বান জনাই ফেচবুক পোষ্ট দি ৰোষত পৰিছিল যুৱকজন ৷ সাংবাদিকৰ সন্মুখতে যুৱকজনে নিজৰ অপৰাধ স্বীকাৰ কৰে আৰু ৰাইজে যি শাস্তি প্ৰদান কৰিব সেয়া মূৰ পাতি লবলৈ সাজু বুলি কয় ৷

ঢেকীয়াখোৱা বৰনামঘৰ কাণ্ডত অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Mar 21, 2020, 1:35 PM IST

Updated : Mar 21, 2020, 4:55 PM IST

টীয়ক, 21 মাৰ্চঃ যোৰহাটস্থিত ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিগছি নুমাই যোৱা বুলি উৰা বাতৰি প্ৰচাৰ কৰা যুৱকক গ্ৰেপ্তাৰ কৰিছে টীয়কৰ আৰক্ষীয়ে । যুৱকজন শিৱসাগৰৰ ভাটি বনগাঁৱৰ প্ৰহ্লাদ দাস বুলি জানিব পৰা গৈছে । শুকুৰবাৰে সন্ধিয়া নামঘৰৰ বন্তিগছি নুমাই যোৱাৰ বাবে সকলোকে বন্তি জ্বলাবলৈ আহ্বান জনাই ফেচবুক পোষ্ট দিছিল যুৱকজনে ।

ঢেকীয়াখোৱা বৰনামঘৰ কাণ্ডত অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আৰু চুতীয়া ছাত্ৰ সন্থাৰ এজাহাৰৰ ভিত্তিত শুকুৰবাৰে নিশা টীয়ক আৰক্ষীয়ে শিৱসাগৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে যুৱকজনক । সাংবাদিকৰ সন্মুখতে যুৱকজনে নিজৰ অপৰাধ স্বীকাৰ কৰি কান্দোনত ভাগি পৰে আৰু ৰাইজে যি শাস্তি প্ৰদান কৰিব সেয়া মূৰ পাতি লবলৈ সাজু বুলি ব্যক্ত কৰে ।

লগতে পঢ়কঃ ৰাজ্যজুৰি কৰ'ণাৰ আতংকঃপ্ৰান্তে প্ৰান্তে সজাগতা চৰকাৰ, প্ৰশাসন তথা ব্যক্তিবিশেষৰ

Last Updated : Mar 21, 2020, 4:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.