ETV Bharat / state

"কা" বিৰোধী আন্দোলনত অসমীয়া ৰাইজে এখোজ ন্যায় পাইছেঃ ৰিপুন বৰা

author img

By

Published : Jan 22, 2020, 5:18 PM IST

টীয়কত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি কংগ্ৰেছ নেতাগৰাকীৰ ৷

Teok congress meeting
"কা" বিৰোধী আন্দোলনখনত প্ৰথম জয় অসমীয়াৰঃ ৰিপুন বৰা

টীয়ক, 22 জানুৱাৰীঃ মহামান্য উচ্চতম ন্যায়ালয়ে কা সন্দৰ্ভত অসম আৰু ত্ৰিপুৰা বাবে বেলেগে শুনানি হ'ৱ বুলি দিয়া ৰায়ত সন্তুষ্টি প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ এই সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কয় যে, "অসমীয়া ৰাইজে এখোজ ন্যায় পাইছে।" লগতে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল নকৰা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি সভাপতিগৰাকীয়ে কয় যে, বিজেপি দলে উচ্চতম ন্যায়ালয়ত কংগ্ৰেছৰ "কা" বিৰোধী শপতনামাত অসমীয়া পৰিচয় সন্দৰ্ভত উল্লেখ নাই বুলি যি অপবাদ দিছে সেয়া সম্পূৰ্ণ মিছা কথা ৷

"কা" বিৰোধী আন্দোলনখনত প্ৰথম জয় অসমীয়াৰঃ ৰিপুন বৰা

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী, ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত আজি যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত টীয়ক সমষ্টি ভিত্তিক এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয় । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা উপস্থিত থকা এই প্ৰতিবাদী সভাত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কংগ্ৰেছ দলে অহৰহ প্ৰতিবাদ জনাই আছে আৰু বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলাই যাব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়কঃ উচ্চমত ন্যায়ালয়ত CAAৰ শুনানি সম্পন্নঃ অসম আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত পৃথককৈ হ'ব শুনানি

Intro:Body:টীয়কত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাত ৰিপুন বৰা/ কা ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি
TEOK :জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী, ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত আজি যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত টীয়ক সমষ্টি ভিত্তিক এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা উপস্থিত থকা এই প্ৰতিবাদী সভাত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কংগ্ৰেছ দলে সদায় বৃহৎ ভাবে প্ৰতিবাদ জনাই আছে আৰু বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলাই যাব বুলি হুংকাৰ প্ৰদান কৰে। ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছ খেদিবলৈ সক্ষম হোৱা এই কংগ্ৰেছ দলে ভাৰতৰ পৰা বিজেপি দলকো দৌৰাই দৌৰাই খেদিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই সভাতে উদাক্ত কণ্ঠৰে ভাষণ প্ৰসংগত মন্তব্য কৰে।থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বুঢ়াগোহাঁই, কংগ্ৰেছ নেত্ৰী পল্লৱী গগৈ,জিলা কংগ্ৰেছৰ সভাপতি দ্বীপ গগৈকে ধৰি ভালেসংখ্যক দলীয় কৰ্মকৰ্তা তথা প্ৰায় এক সহস্ৰাধিক জনতাক লগত লৈ টীয়কৰ মাজমজীয়াৰ পৰা জগদুৱাৰলৈকে পদযাত্ৰা কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ।এই সভাতে মহামান্য উচ্চতম ন্যায়ালয়ে আজি কা সন্দৰ্ভত অসম আৰু ত্ৰিপুৰা বাবে বেলেগে শুনানি হ'ৱ বুলি দিয়া ৰায়ত সন্তুষ্টি প্ৰকাশ কৰিছে ৰিপুন বৰাই আৰু কয় যে অসমীয়া ৰাইজে এখোজ ন্যায় পাইছে ।লগতে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল নকৰা বাবে ক্ষোভ প্ৰকাশ কৰে সভাপতিগৰাকীয়ে আৰু বিজেপি দলে উচ্চতম ন্যায়ালয়ত কংগ্ৰেছৰ কা বিৰোধী শপতনামাত অসমীয়া পৰিচয় সন্দৰ্ভত উল্লেখ নাই বুলি যি অপবাদ দিছে সেয়া সম্পূৰ্ণ মিছা কথা বুলি অভিহিত কৰে । তেওঁ কয় যে এই আইনে অসমীয়াৰ ভাষা সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাব আৰু অসমীয়া জাতি অসমতে সংখ্যালঘুত পৰিণত হ'ব, এই কথা শপতনামাত স্পষ্টকৈ উল্লেখ আছে আৰু সেয়ে এই মিছলীয়া দলটোক অসমৰ ৰাইজক ২০২১ৰ নিৰ্বাচনত উৎখাত কৰি জাতিটো বচাবলৈ সকলোকে আহ্বান জনায় ।
BYTE: ৰিপুন বৰাConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.