ETV Bharat / state

নিজ চোতালতে অৰ্কিড উদ্যান পাতি চৰ্চিত হৈছে পংকজ

author img

By

Published : Nov 5, 2020, 2:13 PM IST

টীয়কৰ পংকজ বৰুৱাই নিজৰ ঘৰৰ চোতালতে গঢ় দিয়া এখন উদ্যানে এতিয়া চৰ্চা লাভ কৰিছে ৷ বিশেষকৈ প্ৰায় ৮০ বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিড বিভিন্ন পদ্ধতিৰে ৰোপন কৰি সংৰক্ষণ কৰিছে যুৱক জনে ৷ নিজৰ চৌহদেতে প্ৰস্তুত কৰা এই উদ্যানখন চাবলৈ বহু সময়ত যুৱক জনৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

অৰ্কিড উদ্যান
অৰ্কিড উদ্যান

টীয়ক, 5 নবেম্বৰ : প্ৰতিজন লোকৰে কিছুমান ৰুচিবোধ থাকে ৷ মানুহৰ ৰুচিয়ে বহক্ষেত্ৰত আন দহজনৰো উপকাৰ সাধন কৰে ৷ তেনেদৰেই এজন যুৱকৰ এক ৰুচিবোধে চৰ্চা লাভ কৰিছে টীয়ক অঞ্চলত ৷ যুৱক জনৰ নাম পংকজ বৰুৱা ৷ নিজৰ ঘৰৰ চোতালতে পংকজে গঢ় দিয়া এখন উদ্যানে এতিয়া চৰ্চা লাভ কৰিছে ৷ যি সময়ত থলুৱা বিভিন্ন উদ্ভিদ, বিভিন্ন ফুল বিলুপ্তিৰ ফালে গতি কৰিছে সেই সময়তে টীয়কৰ এইজন যুৱকে নিজস্ব প্ৰচেষ্টাৰে এই উদ্ভিদ সমূহ লগতে ফুলবোৰ সংৰক্ষণৰ দিহা কৰি নিজৰ ঘৰৰ চৌহতে ৰোপন কৰি এক সুন্দৰ পৰিবেশ সৃষ্টি কৰিছে ৷

নিজ চোতালতে অৰ্কিড উদ্যান পাতি চৰ্চিত হৈছে পংকজ

বিশেষকৈ প্ৰায় ৮০ বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিড বিভিন্ন পদ্ধতিৰে ৰোপন কৰি সংৰক্ষণ কৰিছে যুৱক জনে ৷ নিজৰ চৌহদেতে প্ৰস্তুত কৰা এই উদ্যানখন চাবলৈ বহু সময়ত যুৱক জনৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ যি সময়ত ব্যৱস্ততাই মানুহৰ জীৱন যান্ত্ৰিকতাময় কৰি তুলিছে, যি সময়ত মানুহৰ জীৱনবোৰ ক্ৰমাৎ জটিলতাৰ ফালে গতি কৰিছে সেই সময়তে পংকজে প্ৰকৃতিৰ মাজত নিজকে ৰাখি প্ৰকৃতি সংৰক্ষণৰ যি ব্যৱস্থা কৰিছে সেইটোৱে এক আদৰ্শ কঢ়িয়াছে সমাজলৈ তথা উত্তৰ পুৰুষলৈ ৷

ইয়াৰ লগতে সামাজিক দ্বায়ৱদ্ধতা পালন কৰি নিজৰ ঘৰতে বিগত তিনিমাহৰ পৰা কণ কণ শিশুসকলক দিহা নাম, নাগাৰা বাদন আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি সমাজৰ সকলো দিশৰ লগতে নৱপ্ৰজন্মক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি সুস্থ এখন সমাজ গঢ়াৰ পৰিকল্পনা হাতত লৈছে ।

লগতে পঢ়ক : নৱম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ সুধাকন্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.