ETV Bharat / state

টীয়কত বিজেপিৰ বৃহৎ সাংগঠনিক সভা

author img

By

Published : Feb 5, 2021, 8:17 PM IST

যোৰহাট জিলাৰ টীয়কত বিজেপিৰ বৃহৎ সাংগঠনিক সভা । সাংগঠনিক সভা অনুষ্ঠিত কৰি দলৰ ভেটি মজবুত কৰি তুলিছে শাসকীয় দলটোৱে ।

টীয়কত বিজেপিৰ বৃহৎ সাংগঠনিক সভা
টীয়কত বিজেপিৰ বৃহৎ সাংগঠনিক সভা

টীয়ক, ৫ ফেব্ৰুৱাৰী: আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰতা বৃদ্ধি পাইছে শাসক-বিৰোধীৰ । ইতিমধ্যে নিৰ্বাচনী ৰণনীতিও প্ৰস্তুত কৰিছে দলসমূহে । সমান্তৰালকৈ বিজেপিয়েও নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ ইতিমধ্যে প্ৰস্তুতি তুংগত চলাইছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত গেৰুৱা দলটোৱে ইতিমধ্যে ইখনৰ পিছত সিখন সভা অনুষ্ঠিত কৰি আহিছে । যোৰহাট জিলাৰ টীয়কতো দেখা গৈছে শাসক বিৰোধীৰ নিৰ্বাচনী তৎপৰতা । অৱশ্যে বিৰোধীৰ তুলনাত শাসকীয় দলৰ তৎপৰতা তুংগত ।

সমষ্টিটোৰ বিভিন্ন স্থানত সাংগঠনিক সভা অনুষ্ঠিত কৰি দলৰ ভেটি মজবুত কৰি তুলিছে শাসকীয় দলটোৱে । শুকুৰবাৰে টীয়কৰ কাকজানত দলটোৱে আয়োজন কৰে পৃষ্ঠা প্ৰমুখ সন্মিলন । য'ত দলটোৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়াকে ধৰি কেইবাগৰাকীয়ো নেতা উপস্থিত থাকি দলৰ ভেটি মজবুত কৰিবলৈ সকলো কৰ্মকৰ্তাক আহ্বান জনায় ।

উল্লেখযোগ্য যে, বিজেপিৰ তৃণমূল কৰ্মীসকলে আগন্তুক নিৰ্বাচনত অগপৰ পৰিৱৰ্তে বিজেপি দলৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ দাবী জনায় ।

লগতে পঢ়ক:বিশ্বনাথৰ বন বিভাগৰ অভিযানত আটক গঁড়ৰ খড়্গ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.