টীয়ক, 18 জুনঃ বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলিং বিহীন দলঙত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতো কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু মেৰামতিৰ ঠিকা লাভ কৰা এন এইচ আই ডি চি এলে উপ ঠিকা প্ৰদান কৰা জি ডি চি এল নামৰ প্ৰতিষ্ঠানটোৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে টীয়কত সঘনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
সোমবাৰে নিশা যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মুদৈজান দলঙৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । যোৰহাট অভিমুখী এ এচ ০৪ ই/৬৯৩৫ নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি মুদৈজান নদীত সোমাই পৰে । দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে ট্ৰাক চালকৰ ৷ দলংখনৰ ৰেলিং নথকা আৰু পথৰ দুৰৱস্থাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ দাবী স্থানীয় ৰাইজৰ । অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ভুক্তভোগী জনতাই ৷
লগতে পঢ়কঃ ওদালগুৰিৰ গেলাবিলত পথ দুৰ্ঘটনা