যোৰহাট, 16 অক্টোবৰ : যোৰহাট জিলা অন্তৰ্গত মৰিয়নী কাটনীবাৰী চাহ বাগিচাত দেওবাৰে নিশা সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কিয়নো উক্ত বাগিচাৰ বৰলাইনৰ চমৰা গড় নামৰ এজন লোকৰ ঘৰত মৰিয়নীৰ এগৰাকী লোক উপস্থিত হয় ।
তাৰ পিচতে উক্ত ব্যক্তিজনে মাজ নিশা পৰ্যন্ত কোনো অলৌকিক পূজা কৰে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ এই পূজাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ আনকি স্থানীয় লোকে পূজাৰীগৰাকীক পূজা কৰা গৃহতে আৱদ্ধ কৰি উত্তম মধ্যম সোধায় ৷
ৰাইজৰ দাবী, পূৰ্বেও চমৰা গড়ৰ বাসগৃহত আয়োজিত কৰা হৈছিল এনেধৰণৰ অলৌকিক পূজা ৷ এনে পূজা সমূহৰ বাবেই ইতিমধ্যে বাগিচাত বহু লোকৰ অকাল মৃত্যু হৈছে ৷ লগতে বহু লোক ৰুগীয়াও হৈছে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়ে তেওঁলোকে উক্ত পূজাত দিছিল বাধা ৷
লগতে পঢ়ক : Tense Situation in Bongaigaon: বঙাইগাঁৱত ৰাইজৰ ৰোষত এ পি ডি চি এলৰ দুই কৰ্মচাৰী
ইফালে এই ঘটনাৰ বিষয়ে জানিব পাৰি নিশাই উক্ত স্থানত উপস্থিত হয় যোৰহাট আৰক্ষীৰ এটা দল ৷ আনকি বহু সময় ধৰি আৰক্ষীকো আৱদ্ধ কৰি ৰাখে উত্তেজিত ৰাইজে ৷ পৰৱৰ্তী সময়ত যোৰহাটৰ পৰা অহা শীৰ্ষ আৰক্ষীৰ এটা দলে উত্তেজিত ৰাইজৰ কৱলৰ পৰা উদ্ধাৰ কৰে চমৰা গড়ৰ পৰিয়ালটোৰ লগতে অভিযুক্ত পূজাৰীজনক ৷
ইফালে চমৰা গড়ৰ পৰিয়ালটোত কৰা পূজাৰ বাবেই স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ফলত বৰ্তমান পৰিয়ালটো নিৰাপত্তাহীনতাত ভুগিব লগাত পৰিছে ৷ সেয়েহে বাতৰি যুগুত কৰা পৰ্যন্ত উক্ত স্থানত আৰক্ষী তহল দি আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Durga puja 2023 : মৰাণৰ মানস প্ৰতিমে শিল্প কৰ্মৰ জৰিয়তে দেখুৱাইছে আদৰ্শ