ETV Bharat / state

Heated situation in Mariani PHC: মৰিয়নি প্ৰাথমিক চিকিৎসা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - মৰিয়নি প্ৰাথমিক চিকিৎসা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

নিশা হ'লেই যোৰহাট জিলাৰ মৰিয়নি প্ৰাথমিক চিকিৎসা কেন্দ্ৰত নাথাকে কোনো চিকিৎসক (Tense situation at Mariani Primary Health Centre) । নিশা চিকিৎসক নথকাক লৈ মৰিয়নি প্ৰাথমিক চিকিৎসা কেন্দ্ৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

Tense situation at Mariani Primary Health Centre
মৰিয়নি প্ৰাথমিক চিকিৎসা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
author img

By

Published : May 21, 2023, 12:01 PM IST

মৰিয়নি প্ৰাথমিক চিকিৎসা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

যোৰহাট,২১ মে': পুনৰ বিতৰ্কত চৰকাৰী চিকিৎসালয় । চৰকাৰী চিকিৎসালয়ত চিকিৎসক নথকাটো যেন বৰ্তমান একেবাৰে সাধাৰণ কথা হৈ পৰিছে । চিকিৎসকৰ নথকাৰ ফলত বহুজনে প্ৰাণ হেৰুওৱাৰ পাছতো যেন গা-লৰা নাই ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগটোৰ । নিশা হ'লেই দায়িত্ব শেষ হয় চৰকাৰী চিকিৎসকৰ ।

পুনৰ যোৰহাটৰ মৰিয়নি প্ৰাথমিক চিকিৎসা কেন্দ্ৰত চিকিৎসক নথকাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Mariani Primary Health Centre) । শনিবাৰে নিশা ৯.০০ বজাত মৰিয়নিত বাইক আৰু ই-ৰিক্সাৰ মাজত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ৰবি কোঁচ, প্ৰশান্ত ডেকা আৰু জ্যোতিষ এক্কা নামৰ তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় (Road accident in Mariani) ।

উক্ত দুৰ্ঘটনাত আহত লোক কেইজনক ততাতৈয়াকৈ মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হয় যদিও সেই সময়ত চিকিৎসালয়খনত নাছিল কোনো চিকিৎসক, নাছিল কোনো স্বাস্থ্যকৰ্মী, নাছিল 108 এম্বুলেঞ্চ সেৱা । ইয়াকে লৈ চিকিৎসালয়খনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে আঘাতপ্ৰাপ্ত লোককেইজনৰ পৰিয়ালৰ লোকে (Heated situation in Mariani PHC) ।

অনাকাংক্ষিত পৰিস্থিতি উদ্ভৱ হোৱাৰ কিছু সময়ৰ পাচতেই তংৎক্ষণাত কেইগৰাকীমান স্বাস্থ্যকৰ্মী চিকিৎসালয়খনত উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোককেইজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ।

পৰৱৰ্তী সময়ত লোককেইজনৰ আঘাত গুৰুতৰ হোৱা বাবে আটাইকেইজন লোককে স্বাস্থ্যকৰ্মীয়ে যোৰহাট মেডিকেল কলেজলৈ লৈ যাবলৈ আহ্বান জনায় আৰু স্বাস্থ্যকৰ্মী পৰামৰ্শ অনুসৰি আটাইকেইজন আঘাতপ্ৰাপ্ত লোককে সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে ।

লক্ষ্যনীয় যে নিশা হলেই মৰিয়নিৰ উক্ত স্বাস্থ্য কেন্দ্ৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাহিৰে অন্য স্বাস্থ্যকৰ্মী নথকাৰ অভিযোগ দীৰ্ঘদিনীয়া । সেয়েহে আঘাতপ্ৰাপ্ত লোককেইজনক উক্ত স্বাস্থ্য কেন্দ্ৰলৈ লৈ অনা সময়ত স্বাস্থ্যকৰ্মী উপস্থিত নথকাত ক্ষুব্ধ হৈ পৰে আঘাতপ্ৰাপ্ত লোকসকলৰ পৰিয়ালৰ লোক ।

উল্লেখ্য যে মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ইয়াৰ পূৰ্বেও বহুবাৰ সংঘটিত হৈছে অনুৰূপ ঘটনা । ইয়াৰ পূৰ্বে প্ৰাথমিক চিকিৎসা লাভ নকৰাকৈয়ে এগৰাকী কণমানিয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল ।

লগতে পঢ়ক: Reshuffle in Assam Police: আৰক্ষী অধীক্ষকৰ পাচত এইবাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক বদলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.