তিতাবৰ, 6 নৱেম্বৰ: চৰকাৰী নিৰ্দেশৰ পৰিৱৰ্তে অন্য স্থানলৈ অনুমোদিত বিদ্যালয় স্থানান্তৰ কৰাৰ ঘটনাক লৈ তিতাবৰ বছাবাৰী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি ৷ এটা দুষ্ট চক্ৰই অসম চৰকাৰৰ সদ্য ঘোষিত বাগান মডেল হাইস্কুলৰ আঁচনিৰ অধীনত অনুমোদন জনোৱা তিতাবৰ বছাবাৰী চাহ বাগিছাৰ আৰ্দশ বিদ্যালয়খন ৰাই পানী চাহ বাগিছালৈ নিয়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ ৷ যাৰ বাবে ক্ষোভত হৈ প্ৰতিবাদমুখৰ হৈ পৰিছে বাগিছা খনৰ ৰাইজ ৷ কোনো প্ৰকাৰেই বিদ্যালয়খন স্থানান্তৰ কৰিবলৈ দিয়া নহ'ব বুলি দাবী জনাইছে ক্ষোভিত ৰাইজে ৷
উল্লেখ্য যে,অসম চৰকাৰে লোক নিৰ্মাণ বিভাগৰ অধীনত বাগিচা অধ্যুষিত অঞ্চলত আদৰ্শ হাইস্কুল নিৰ্মাণৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । ইয়াৰ অধীনত বছাবাৰী চাহ বাগিছাতো এখন আৰ্দশ বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা হৈছে ৷ কিন্তু ইয়াৰ পিছতো এটা দুষ্ট চক্ৰই বিদ্যালয়খন স্থানান্তৰ কৰি বছাবাৰী চাহ বাগিচাৰ পৰিৱৰ্তে চৰাই পানী চাহ বাগিছালৈ নিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ বিদ্যালয়খন স্থানান্তৰ নকৰিবলৈ যোৰহাট জিলা উপযুক্ত,তিতাবৰ মহকুমাধিপতি,যোৰহাটৰ সাংসদ তপন গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা আৰু অসম চাহ মজদুৰ সংঘলৈ প্ৰতিলিপি প্ৰেৰণ কৰিছে ৰাইজে ।
লগতে পঢ়কঃ লামডিঙত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ